বিহালী, 27 ডিচেম্বৰ : অসমৰ মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহত চলিছে নিৰ্বাচনী বতাহ ৷ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ দৰে বিহালী স্নাতক মহাবিদ্যালয়তো ছাত্ৰ সমাজক সবল নেতৃত্ব প্ৰদান কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় ২০২১-২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন (Union body election at Behali Degree College) ৷
এই ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা 8.30 বজাৰ পৰা আৰম্ভ হৈ দুপৰীয়া প্ৰায় 1 বজাত সামৰণি পৰে ৷ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ পিছতে ভোটগগনা আৰম্ভ হয় ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই বিয়লি ৫ বজাত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰে ৷ এই নিৰ্বাচনত মহাবিদ্যালয়খনৰ মুঠ 15 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ।
এই নিৰ্বাচনৰ ফলাফল অনুসৰি সাধাৰণ সম্পাদক পদত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী চিমান্তজিৎ ৰয়ে জয় লাভ কৰে ৷ তদুপৰি উপ-সভাপতি পদত আটছা সমৰ্থিত প্ৰাৰ্থী কাৰ্তিক ঘাটোৱাৰ, সহকাৰী সম্পাদকৰ পদত তীৰ্যকজ্যোতি গোস্বামী, সহকাৰী সম্পাদিকা পদত প্ৰবীন্দৰ কৌৰ, আলোচনী বিভাগত পূজা তিৱাৰী, সমাজসেৱাৰ সম্পাদিকা পদত জয় লাভ কৰে মনালিছা দাস ৷
ইয়াৰ পিছতে মহাবিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত বৰগাং ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তথা আছা-আটছাই যুটীয়াভাৱে এক সংবাদমেল সম্বোধন কৰি বিজয়ী প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে । এই সংবাদমেলত অংশগ্ৰহণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি সাংগঠনিক সম্পাদক অনিল বণিয়া, বিহালী আছাৰ আঞ্চলিক সম্পাদক প্ৰৱণ বাউৰি আৰু বিহালী আটছাৰ উপ সভাপতি ভগীৰথ গোৱালাই ৷
নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি বিহালী সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।
লগতে পঢ়ক : আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰক সুবোধ বিশ্বাসৰে তুলনা শংকৰজ্যোতি বৰুৱাৰ