ETV Bharat / state

Baresahariya Bhaona Controversy: বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হোছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি - বাৰেচহৰীয়া ভাওনা

বাৰেচহৰীয়া ভাওনাক লৈ বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হোছেইনৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব আইনী ব্যৱস্থা ৷ বিতৰ্কিত ইছমাইল হোছেইনক এই সকীয়নি বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ ৷ অনুমতি বিহীনভাৱে বাৰেচহৰীয়া ভাওনাত ইছমাইল হোছেইনে ভাও দিয়াক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক (Baresahariya Bhaona Controversy) ৷

Baresaharia Bhaona Controversy
বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হুছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি উদযাপন সমিতিৰ Controversy
author img

By

Published : Mar 11, 2023, 7:12 PM IST

Updated : Mar 11, 2023, 8:43 PM IST

বিতৰ্ক বন্ধ নকৰিলে ইছমাইল হুছেইনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ সকীয়নি উদযাপন সমিতিৰ

চতিয়া, 11 মাৰ্চ: জামুগুৰিহাটত অনুষ্ঠিত হোৱা বাৰেচহৰীয়া ভাওনা মহোৎসৱত ইছমাইল হোছেইনে ভাও লোৱাক কেন্দ্ৰ কৰি অব্যাহত আছে বিতৰ্ক ৷ এই বিতৰ্ক সন্দৰ্ভত শনিবাৰে সংবাদমেল সম্বোধন কৰে বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিয়ে ৷ ইছমাইল হোছেইনক অযথা বিতৰ্কৰ সৃষ্টি নকৰিবলৈ সকীয়নি ভাওনা উদযাপন সমিতিৰ (Baresahariya Bhaona Controversy) ৷

শনিবাৰে সংবাদমেলত বাৰেচহৰীয়া ভাওনা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই (Padma Hazarika) কয়, ‘‘বাৰেচহৰীয়া ভাওনা মহোৎসৱ কোনো জাতি বা কোনো ধৰ্মৰ ভেদ-ভাৱ নোহোৱাকৈ অনুষ্ঠিত হোৱা এক অনুষ্ঠান ৷ 226 বছৰীয়া গৌৰবোজ্জল এই ধৰ্মীয় অনুষ্ঠানভাগত সকলো জাতি-জনগোষ্ঠীৰ লোকেই অংশগ্ৰহণ কৰে ৷ এইবাৰো অঞ্চলটোৰ সকলো জাতি-জনগোষ্ঠীৰ লোকৰ উপৰিও মুছলমান সম্প্ৰদায়ৰ লোকও সমিলমিলেৰে এই বাৰেচহৰীয়া ভাওনাভাগ সুন্দৰভাৱে অনুষ্ঠিত কৰিছে ৷’’

লগতে তেওঁ কয়, ‘‘ যোৱা 8 মাৰ্চৰ দিনা 14 নং খলাত যেতিয়া এজন ভাৱৰীয়া হিচাপতকৈ বেছিকৈ ওলাইছিল তেতিয়া বিচাৰকে বিষয়টো জনোৱাত ভাওনা পৰিচালনা সমিতিয়ে বিচাৰ-খোচাৰ কৰাতহে ইছমাইল হোছেইনৰ ভাও দিয়াটো পোহৰলৈ আহে ৷ লগে লগে পৰিচালনা সমিতিয়ে তেওঁক ভাও দিয়াত বাধা প্ৰদান কৰে ৷ এই বিষয়টোক লৈ ইছমাইল হোছেইনে অযথা বিতৰ্কত লিপ্ত হৈছে ৷’’

ইফালে, সামাজিক মাধ্যম তথা সংবাদ মাধ্যমত ইছমাইল হোছেইনে ভাওনাক লৈ যি মন্তব্য কৰি আছে সেয়া বন্ধ কৰি বিষয়টো সমাপ্ত কৰিবলৈ আহ্বান জনায় বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই ৷ অন্যথা তেওঁৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সকীয়নি প্ৰদান কৰে বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিয়ে (Ismail Hossain controversy) ৷

উল্লেখ্য যে, যোৱা 8 মাৰ্চৰ দ্বিতীয় দিনা বাৰেচহৰীয়া ভাওনা মহোৎসৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছিল ৷ কিন্তু সেই ভাওনাত অনুমতি অবিহনে ইছমাইলে ভাও দিয়াক লৈ সৃষ্টি হয় বিতৰ্কৰ ৷ ইয়াকে লৈ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত আত্মপক্ষ সমৰ্থন কৰি বিভিন্ন কথা উল্লেখ কৰি আছে ইছমাইল হোছেইনে ৷

লগতে পঢ়ক: Baresaharia Bhaona: বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ মাজেৰে আৰম্ভ হ’ল বাৰেচহৰীয়া ভাওনা মহোৎসৱ

Last Updated : Mar 11, 2023, 8:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.