ETV Bharat / state

জৰাসৰ নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে বাঁহৰ দলং

author img

By

Published : May 15, 2022, 8:31 PM IST

জৰাসৰ নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে বাঁহৰ দলং(Bamboo bridge over Jarasar river collapses) । একঁকাল পানীৰ মাজেৰে যাতায়ত কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে পুৰুষ-মহিলাৰ ৷ স্থানীয় ৰাইজৰ ক্ষোভ ।

bamboo-bridge-blown-away-by-flood
জৰাসৰ নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে বাঁহৰ দলং

ৰঙাপৰা,১৫ মে': চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পামবস্তি-চৰিয়াবিল সংযোগী একমাত্ৰ বাঁহৰ দলংখন জৰাসৰ নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়ে(Bamboo bridge over Jarasar river collapses) । যাৰ ফলত কেইবাখনো গাঁৱৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে (Several villages are cut off) ৷ কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুনৰ ফলত জৰাসৰ নৈৰ বাঢ়নি পানী ফেনেফুটুকাৰে বাঢ়ি অহাত বাঢ়নি পানীয়ে একমাত্ৰ সংযোগী বাঁহৰ দলং খনৰ এটা অংশ উটুৱাই নিয়ে ।

নৈ খনৰ ওপৰত থকা বাঁহৰ দলং খন উটুৱাই নিয়াৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওবাসী ৰাইজে ভৰা নৈৰ মাজেৰে অতি বিপদ সংকুল অৱস্থাত যাত্ৰায়াত কৰিবলগীয়া হৈছে ৷ যিকোনো সময়ত সংঘটিত হ’ব পাৰে অঘটন । একঁকাল পানীৰ মাজেৰে যাতায়ত কৰিবললগীয়া হৈছে গাঁওখনৰ পুৰুষ আৰু মহিলা তথা কন-কন ছাত্ৰ-ছাত্ৰী ।

জীৱনটো হাতৰ মুঠিত লৈ ভৰুণ নদীৰ মাজেৰে পাৰাপাৰ হৈছে গাঁওবাসী । আনকি গাঁৱখনলৈ নাহে আপাতকালিন ১০৮ সেৱা । এখন পকী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ নহ'ল দলং ।

দলং নিৰ্মান ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰাত চৰিয়াবিল গাঁওবাসী ৰাইজে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । একমাত্ৰ বাঁহৰ দলং উটুৱাই নিয়াত বিপদত পৰিছে গাঁৱখনৰ ৰাইজ ।

লগতে পঢ়ক: মাজুলীত মথাউৰি সবলীকৰণৰ কামত ব্যাপক বিসংগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.