ETV Bharat / state

বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰত - Save Nature Stop Killing Animals

প্ৰকৃতি আৰু বন্য প্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰৰ কেইগৰাকীমান শিক্ষাৰ্থীৰ অভিনৱ প্ৰয়াস ৷ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰ মহাবিদ্যালয় আৰু উইণ্ড ব্ৰেকাৰ চাইকেল ক্লাৱৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে এক চাইকেল ৰেলী(Awareness campaign for wildlife conservation) ৷

বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰত Cycle Rally

author img

By

Published : Jan 1, 2022, 3:26 PM IST

Updated : Jan 1, 2022, 6:09 PM IST

তেজপুৰ, 1 জানুৱাৰী : ৰাজ্যখনত বন্যপ্ৰাণীৰ বিপদৰ লেখ-জোখ নাই ৷ হাতী, গঁড়, বাঘ আদিৰ পৰা কেঁকো সাপলৈকে নিৰাপদ নহয় কোনো এবিধ বন্যপ্ৰাণী ৷ এইসমূহ বন্যপ্ৰাণী নিধনৰ বিৰুদ্ধে ঠায়ে ঠায়ে একাংশ লোকে সৰৱ হৈ আহিছে যদিও ৰাজ্যখনত এতিয়াও বন্যপ্ৰাণীৰ প্ৰতি থকা নিষ্ঠুৰতা হ্ৰাস পোৱা নাই ৷ চোৰাং চিকাৰীয়ে গঁড়-হাতী আদি নিধন কৰি আহিছে ৷ কেৱল সেয়ে নহয়, অঞ্চলভেদে সাধাৰণ লোকৰ দ্বাৰাও হত্যা কৰা হৈছে বন্যপ্ৰাণী ৷

বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰত Cycle Rally

এনে পৰিপ্ৰেক্ষিতত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা অনাৰ প্ৰয়াসেৰে তেজপুৰ মহাবিদ্যালয় আৰু উইণ্ড ব্ৰেকাৰ চাইকেল ক্লাৱৰ উদ্যোগত শনিবাৰৰ পৰা আৰম্ভ হৈছে এক চাইকেল ৰেলী(Awareness campaign for wildlife conservation) ৷

নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোতে তেজপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ এটি দলে প্ৰকৃতি আৰু বন্য প্ৰাণীৰ সংৰক্ষণৰ ওপৰত সজাগতা সৃষ্টিৰ লক্ষ্যৰে শনিবাৰে "Save Nature Stop Killing Animals" শীৰ্ষক শ্ল’গানেৰে বাহিৰ কৰা হৈছে এটা ৰেলীৰ ৷ তেজপুৰ মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰা এই ৰেলীৰ সামৰণি পৰিব দাৰ্জিলিঙত ৷

উল্লেখ্য যে, ৰেলীত ভাগ লোৱা শিক্ষাৰ্থীৰ দলটোৱে শনিবাৰে পুৱা ৬ বজাত আৰম্ভ কৰে এই যাত্ৰাৰ । বৰ্তমান সময়ত হৈ অহা বন্যপ্ৰাণী হত্যা ৰোধ কৰা তথা প্ৰকৃতিৰ সৈতে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ এক মহৎ উদ্দেশ্য আগত ৰাখি এই যাত্ৰা আৰম্ভ কৰিছে শিক্ষাৰ্থীৰ দলটোৱে ৷ এই ৰেলীৰ এগৰাকী অন্যত্বম পথ পদর্শক শ্ৰীমন্ত দাসে আটাকইগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে ৰেলীৰ ।

মুঠ ৯ গৰাকী শিক্ষাৰ্থীৰ এই দলটোৱে অহা ১২ দিনৰ ভিতৰত এই ৰেলী সমাপ্ত কৰি পুনৰ তেজপুৰ চহৰত উপস্থিত হ'বহি বুলি জানিবলৈ দিয়ে দলটোৰ নেতৃত্বত থকা জয় সাহে । তেজপুৰৰ পৰা গৈ ৰঙিয়াত শনিবাৰে নিশা কটাই পুনৰ যাত্ৰা আৰম্ভ কৰি আগন্তুক ৫ দিনত দাৰ্জিলিঙত উপস্থিত হ’ব বুলি উল্লেখ কৰিলে দলটোৱে ৷

লগতে পঢ়ক : প্ৰকৃতি সংৰক্ষণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে আৰ্থ ৰেঞ্জাৰৰ বাইক ৰেলী

Last Updated : Jan 1, 2022, 6:09 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.