ETV Bharat / state

বৃন্দাবন গোস্বামীৰ বাসগৃহত অতুল বৰা আৰু কেশৱ মহন্ত - অগপৰ সভাপতি

এক দীৰ্ঘদিনীয়া স্বস্তিৰ নিশ্বাস পৰাৰ অনুভৱ তেজপুৰ অগপৰ কাৰ্যকৰ্তাৰ ৷ টিকটকেন্দ্ৰিক সংঘাত যেন এক প্ৰকাৰ অন্ত পৰিল । তেজপুৰ সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীৰ ঘৰত উপস্থিত অগপৰ সভাপতি অতুল বৰা আৰু জেষ্ঠ নেতা তথা মন্ত্ৰী কেশৱ মহন্ত ।

বৃন্দাবন গোস্বামীৰ বাসগৃহত অতুল বৰা আৰু কেশৱ মহন্ত

author img

By

Published : Mar 19, 2021, 9:18 PM IST

তেজপুৰ,১৯ মাৰ্চ: অগপৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীৰ তেজপুৰৰ উষা নগৰস্থিত বাসগৃহত শুকুৰবাৰে বিয়লি উপস্থিত হয় অগপৰ দুই শীৰ্ষ নেতা ৷ কাৰণ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত বৃন্দাবন গোস্বামীৰ ক্ষোভৰ অন্ত পেলাবলৈ । বন্ধ ঘৰৰ কোঠাত দুই মন্ত্ৰীৰ লগত ৰুদ্ধদ্বাৰ বৈঠকৰ পিছতে বৃন্দাবন গোস্বামীক মাতি নিলে তেজপুৰ অগপৰ প্ৰয়াত ধনঞ্জয় দাস কাৰ্যালয়লৈ ৷ দলীয় কৰ্মীসকলৰ লগত আলোচনাত মিলিত হোৱাত দুই মন্ত্ৰীক উষ্ম আদৰণি জনায় শোণিতপুৰ জিলাৰ অগপৰ দলীয় কৰ্মীয়ে । কিছুদিন পূৰ্বে ক্ষোভত এইসকল কৰ্মকতাই কাৰ্যালয়ৰ মূল পতাকা নমাই জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল গোস্বামীৰ সন্মুখত । অৱশেষত কাৰ্যালয়ত উপস্থিত হৈ বৃন্দাবন গোস্বামীয়ে প্ৰতিশ্ৰুতি দিয়ে যে দলৰ নাম নিঃশেষ হ’বলৈ নিদিয়ে আৰু দলীয় কৰ্মীয়েও প্ৰতিশ্ৰুতি দিয়ে যে শনিবাৰৰ পৰা অগপৰ কৰ্মীয়ে প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ নির্বাচনী প্ৰচাৰ চলাব । কিন্তু মত স্পষ্ট নকৰিলে বিধায়ক বৃন্দাবন গোস্বামীয়ে ।

বৃন্দাবন গোস্বামীৰ বাসগৃহত অতুল বৰা আৰু কেশৱ মহন্ত

আনহাতে মন্ত্ৰী তথা সভাপতি অতুল বৰাই কয় যে, এগৰাকী জেষ্ঠ দলীয় নেতা আৰু প্ৰাক্তন সভাপতি হিচাপে গোস্বামীৰ ক্ষোভ আছিল যদিও এতিয়া সকলো দূৰ হ’ল, একেই মন্তব্য মন্ত্ৰী কেশৱ মহন্তৰো। কিন্তু ক্ষোভ প্ৰকাশ নকৰিলেও স্পষ্ট ৰূপত একো নকলে বিধায়ক বৃন্দাবন গোস্বামীয়ে । উল্লেখযোগ্য যে, অগপৰ সভাপতি আৰু জেষ্ঠ মন্ত্ৰী গৰাকীৰ উপস্থিতিত তেওঁলোকৰ মনোনীত প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই উক্ত সময়ত সদৰৰ পৰা বাহিৰত এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি থকাৰ বাবে আহি উপস্থিত হ’ব নোৱাৰিলে । কিন্তু প্ৰশ্ন হয় বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে অগপৰ তেজপুৰ সমষ্টিৰ নাটকখনে কি ৰূপ লয় সেয়া সময়তহে নিশ্চিত হ’ব ।

লগতে পঢ়কঃ ব্যতিক্ৰমী মন্ত্ৰীয়ে ব্যতিক্ৰমী ধৰণে দাখিল কৰিলে মনোনয়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.