ETV Bharat / state

ডাষ্টবিনলৈ পৰিণত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

ডাষ্টবিনলৈ পৰিণত হৈছে ৰঙাপৰাস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান ৷ জাৱৰ-জোঁথৰেৰে ভৰি পৰিছে বাছ আস্থানটিৰ চৌদিশ ৷

ৰঙাপৰাত অসম ৰাজ্যিক পৰিবহন নিগমৰ শ্মশান যাত্ৰা
author img

By

Published : Aug 13, 2019, 4:01 PM IST

ৰঙাপৰা,13 আগষ্টঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত থকা অসম ৰাজ্যিক পৰিৱহন নিগমৰ বাছ আস্থানটিৰ চলিছে শ্মশান যাত্ৰা। ৰঙাপৰাস্থিত ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানটিৰ কাৰ্যালয়ত প্ৰায়েই ওলমি থাকে এটা প্ৰকাণ্ড তলা। কাৰণ কাৰ্যালয়টোত নাথাকে বিভাগীয় কৰ্মচাৰী । নগৰখনত থকা চৰকাৰী বাছ আস্থানটি সম্প্ৰতি জাৱৰ-জোঁথৰ পেলোৱা স্থানলৈ পৰিণত হৈছে । বাছ আস্থানটিৰ চৌদিশ ভৰি পৰিছে বাছ আস্থানটিৰ চৌদিশ ৷

ৰঙাপৰাত অসম ৰাজ্যিক পৰিবহন নিগমৰ শ্মশান যাত্ৰা

যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান চলাই আহিছে, তেনে সময়তে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বাছ আস্থানটোত ৷ তাৰোপৰি একাংশ লোকৰ বাবে প্ৰস্ৰাৱ কৰা স্থানলৈ পৰিণত হৈছে চৰকাৰী বাছ আস্থানটি ৷ গৰু, ছাগলী, গাহৰি আদিৰ বিচৰণস্থলী এই বাছ আস্থানটো ক্ৰমাণ্বয়ে হৈ পৰিছে কদৰ্য আৰু দুৰ্গন্ধময় ৷ ইফালে, চৰকাৰী বাছ আস্থানটি বেচৰকাৰী গাড়ী ৰাখি সামগ্ৰী উঠা-নমোৱা আস্থান হিচাপে ব্যৱহাৰ কৰি আহিছে ৰঙাপৰাৰ একাংশ ব্যৱসায়ীয়ে । তাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ ইপিনে, চৰকাৰে লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাছ আস্থানটিৰ 4খন দোকান গৃহ জহিখহি গ'ল । অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনস্থ এই বাছ আস্থানটি কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ।

Intro:ৰঙাপৰাত অসম ৰাজ্যিক পৰিৱহন নিগমৰ শ্মশান যাত্ৰাঃ জাৱৰ-জোথৰ পেলোৱা ডাচবিনলৈ পৰিণত হৈছে ৰাজ্যিক আস্থানটিBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত থকা অসম ৰাজ্যিক পৰিৱহন নিগমৰ বাছ আস্থানটিৰ চলিছে শ্মশান যাত্ৰা। ৰঙাপৰাস্থিত ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানটিৰ কাৰ্যালয়ত প্ৰায়েই ওলমি থাকে এটা প্ৰকাণ্ড তলা। কাৰণ কাৰ্যালয়টোত নাথাকে বিভাগীয় কৰ্মচাৰী।নগৰখনত থকা চৰকাৰী বাছ আস্থানটি সম্প্ৰতি জাৱৰ-জোথৰ পেলোৱা স্থানলৈ পৰিণত হৈছে।
বাছ আস্থানটিৰ চৌদিশে জাৱৰ-জোথৰেৰে ভৰি পৰিছে। যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান চলাই আহিছে, তেনে সময়তে ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে বাছ আস্থানটিত। তাৰোপৰি একাংশ লোকৰ বাবে প্ৰস্বাৱ কৰা স্থানলৈ পৰিণত হৈছে চৰকাৰী বাছ আস্থানটি। কদৰ্যময় আৰু দুৰ্গন্ধময় পৰিৱেশ বিৰাজ কৰিছে বাছ আস্থানটি। গৰু, ছাগলী, গাহৰি আদিৰ বিচৰণস্থলীলৈ বাছ আস্থানটি পৰিণত হৈছে। ইফালে, চৰকাৰী বাছ আস্থানটি বেচৰকাৰী গাড়ী ৰাখি সামগ্ৰী উঠা-নমোৱা আস্থান হিচাপে ব্যৱহাৰ কৰি আহিছে ৰঙাপৰাৰ একাংশ ব্যৱসায়ীয়ে। তাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই চকু মুদা কুলিৰ ভাও ধৰি আহিছে। ইপিনে, বাছ আস্থানটি চৰকাৰে লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৮ টা দোকান গৃহ আজি জহিখহি গ'ল। একমাত্ৰ চোৱা-চিতাৰ অভাৱৰ বাবে দোকান গৃহ কেইটাৰ অৱস্থাৰ সৃষ্টি হল। অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনস্থ এই বাছ আস্থানটি কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.