ঢেকীয়াজুলি, 6 জুনঃ শোণিতপুৰ জিলা ঢেকিয়াজুলিৰ হুগ্ৰাজুলি পচাবস্তী গাঁৱৰ আঠজনীয়া দল এটা কৰ্মৰ সন্ধানত কেৰেলালৈ গৈছিল ৷ দলটোৰ চাৰিগৰাকী সদস্যই যোৱা 25 মে' তাৰিখেই নিৰ্দিষ্ট কৰ্মক্ষেত্ৰত উপস্থিত হয় যদিও বাকী চাৰিগৰাকী সদস্য সন্ধানহীন হৈ আছে ৷ ইয়াৰ এগৰাকী সদস্যৰ মৃতদেহ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া ৰেলৱে ষ্টেচনৰ সমীপত হাবিৰ মাজৰ পৰা উদ্ধাৰ হোৱাৰ লগতে বাকী তিনিগৰাকী বৰ্তমানেও সন্ধানহীন হৈ আছে ৷
আৰু পঢ়কঃ চিৰাঙত আঠবছৰীয়া শিশুক ধৰ্ষণ, আৰক্ষীৰ জালত ধৰ্ষণকাৰী
পৰৱৰ্তী সময়ত ৰাক্ষসমাৰী আৰক্ষী চকীয়ে যোৱা 29 মে' তাৰিখে মোহন ওৰাং নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কথা পৰিয়ালৰ লোকক অৱগত কৰায় ৷ আনহাতে বৰ্তমানেও কোনো শুংসূত্ৰ নাই নিৰুদ্দিষ্ট আন তিনিজন যুৱকৰ ৷ আনহাতে মোহন ওৰাঙৰ মৃতদেহত থকা আঘাটৰ চিনৰ পৰা এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰিছে পৰিয়ালৰ লোকে ৷