তেজপুৰ, ৩ মে': সমগ্ৰ দেশৰ ভিতৰতে গ্ৰামাঞ্চলত ঘৰে ঘৰে ডিজিটেল বিত্তীয় তথা বেংকিং সেৱাসমূহ প্ৰদান কৰি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ বিহগুড়ি উন্নয়ন খণ্ডৰ অধীনত বৰগাঁৱৰ ধনেশ্বৰী বড়োৱে । উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ভাৰত অভিযানৰ অংশ ৰূপে দীনদয়াল অন্ত্যোদয়া যোজনা (Deendayal Antyodaya Yojana),ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা পৰিযোজনা (National Rural Livelihoods Mission) দ্বাৰা পৰিচালিত ডিজিপে’ সখী যোজনাৰ অধীনত গ্ৰামাঞ্চলত ঘৰে ঘৰে ডিজিটেল বিত্তীয় তথা বেংকিং সেৱাসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তিনিগৰাকীকৈ মহিলাই শীৰ্ষ পাঁচগৰাকী ডিজিপে’ সখীৰ ভিতৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে (Digipay Sakhi)।
তিনিগৰাকী মহিলাই ডিজিপে’ সখীৰ শীৰ্ষ পাঁচত স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ ডিজিটেল বিত্তীয় তথা বেংকিং সেৱা ঘৰে ঘৰে যোগান ধৰি ২০২২ বৰ্ষৰ আগষ্ট মাহৰ পৰা বিহগুড়ি ব্লকৰ অধীনত আত্মসহায়ক গোট গঠন কৰি বিত্তীয় অনুদান লাভ কৰিছিল ধনেশ্বৰী বড়োৱে । নিজ ঘৰতে পুৱাৰে পৰা এই ডিজিটেল বিত্তীয় লেন-দেন কৰি যোৱা ৯ মাহত সৰ্বাধিক স্তৰত লাভ কৰিবলৈ সক্ষম হৈছে তেওঁ । মহিলাগৰাকীয়ে ২০২২ চনৰ মে'ৰ ২০২৩ চনৰ এপ্ৰিললৈ মুঠ ১৫,৩০,৯৭৭ টকাৰ বিত্তীয় লেন-দেন কৰে । ধনেশ্বৰী বড়ো হৈছে বৰগাঁও চাপৰি সুৰাগ মহিলা আত্মসহায়ক গোটৰ সদস্য় ।
তেওঁ দৈনিক গাঁৱৰ লগতে বিভিন্ন স্তৰৰ লোকক ডিজিটেল বিত্তীয় সেৱা আগবঢ়াই আহিছে । তেজপুৰ সদৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগত এক ভিতৰুৱা গাঁৱত আত্মসহায়ক গোটৰ জৰিয়তে বেংকৰ পৰা অনুদান লাভ কৰি পৰৱৰ্তী সময়ত সেই ধনৰ অধিক সুদ লাভ কৰিবলৈ সক্ষম হয় । ভাৰতৰ শীৰ্ষ পাঁচগৰাকী ডিজিপে সখীৰ ভিতৰত অসমৰ তিনিগৰাকী ডিজিপে’ সখী হৈছে শোণিতপুৰ জিলাৰ ধনেশ্বৰী বড়ো দ্বিতীয় স্থান, দক্ষিণ শালমাৰাৰ মানকাচৰৰ নুৰজাহান আখতাৰ বানুৱে তৃতীয় স্থান আৰু কাছাৰৰ ৰঞ্জিতা শৰ্মাই চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক:Srinkhal Chaliha issue : পুনৰ গ্ৰেপ্তাৰ হ’ল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা