তেজপুৰ,২৯ ছেপ্টেম্বৰঃ বালিপৰাৰ হাড়চুৰাস্থিত ৰাজ্যৰ অন্যতম এখন বেচৰকাৰী অভিজাত শিক্ষানুষ্ঠান "অসম ভেলী" স্কুলত ক’ৰণাৰ গণ সংক্ৰমণ। শিক্ষানুষ্ঠান খনৰ 23 জনকৈ কৰ্মচাৰীৰ দেহত পোৱা গৈছে ক’ৰণা পজিটিভ। ইয়াৰ লগে লগে শিক্ষানু্ষ্ঠান খনৰ অন্য কৰ্মচাৰী সকলো হৈ পৰিছে এতিয়া শংকিত। শিক্ষানুষ্ঠান খনৰ এজন কৰ্মচাৰীৰ দেহত কৰ'ণা পজিটিভ পোৱাৰ পিছতে স্বাস্থ্য বিভাগৰ দ্বাৰ কৰোৱা ৰেপিড এন্টিজেন টেষ্টত 23 জনকৈ কৰ্মচাৰীৰ দেহত ধৰা পৰে ক’ৰণা পজিটিভ। লগে লগে স্বাস্থ্য বিভাগে শিক্ষানুষ্ঠানখনক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে। অৱশ্যে এই মুহুৰ্তলৈকে শিক্ষানুষ্ঠানখনত ছাত্ৰ ছাত্ৰীৰ পাঠদান বন্ধ ৰখা আছে ।
![Assam Valley covid-19 positive](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8985151_mjh.jpg)
উল্লেখযোগ্য যে, শোণিতপুৰ জিলাত কৰ'ণাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ 6,560 গৰাকী ৷ ইয়াৰ ভিতৰত 5,317 গৰাকী সুস্থ হৈ উঠিছে ৷ জিলাখনত বৰ্তমান চিকিৎসাধীন হৈ আছে 1025 গৰাকী ক’ভিড পজিটিভ। সম্প্ৰতি জিলাখনত 13 গৰাকীকৈ লোকে ক’ভিড আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ৷
মন কৰিবলগীয়া যে, এতিয়া মহামাৰী সংক্ৰমণ চহৰৰ সমান্তৰালকৈ গাঁও অঞ্চলত যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।
লগতে পঢ়কঃ "বিটিচি বিটিআৰ হৈছে বুলি ওলোৱা নিৰ্দেশনা সাংবিধানিক নহয়" : হাগ্ৰামা মহিলাৰী