ETV Bharat / state

Assam University: অৱসৰৰ পাচত এতিয়াৰপৰা সৈনিকসকলে গ্ৰহণ কৰিব পাৰিব স্নাতক ডিগ্ৰী

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:22 AM IST

Updated : Oct 4, 2023, 10:50 AM IST

প্ৰাক্তন সৈনিকসকলৰ বাবে ভাল খবৰ ৷ অৱসৰৰ পাচত সৈনিকসকলে গ্ৰহণ কৰিব পাৰিব উচ্চ শিক্ষা ৷ অসম বিশ্ববিদ্যালয় আৰু তেজপুৰস্থিত সৈনিক কল্যাণ সঞ্চালকালয়ৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ ৷

Assam University
অৱসৰৰ পাচত এতিয়াৰপৰা সৈনিকসকলে গ্ৰহণ কৰিব পাৰিব স্নাতক ডিগ্ৰী

তেজপুৰ, 4 অক্টোবৰ : প্ৰাক্তন সৈনিকসকলৰ বাবে ভাল খবৰ ৷ অৱসৰৰ পাচত সৈনিকসকলে গ্ৰহণ কৰিব পাৰিব উচ্চ শিক্ষা ৷ ইচ্ছা অনুসৰি এতিয়াৰ পৰা প্ৰাক্তন সৈনিকসকলে স্নাতক ডিগ্ৰী গ্ৰহণ কৰিব পাৰিব ৷ প্ৰাক্তন সৈনিকসকলৰ বাবে এই সুখবৰ কঢ়িয়াই আনিছে শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে ৷ মঙলবাৰে অসম বিশ্ববিদ্যালয় আৰু তেজপুৰস্থিত সৈনিক কল্যাণ সঞ্চালকালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ৷ এই চুক্তিৰ জৰিয়তে প্ৰাক্তন সৈনিকসকলক স্নাতক ডিগ্ৰীৰ শিক্ষা প্ৰদানত সহায় কৰিব অসম বিশ্ববিদ্যালয়ে ৷

আচাৰ্য এয়াৰ চীফ মাৰ্শ্বেল অৰূপ ৰাহা আৰু উপাচাৰ্য ৰাজীৱ মোহন পন্তৰ উপস্থিতিত অসম বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ প্ৰদোষ কিৰণ নাথ আৰু সৈনিক কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ব্ৰিগেডিয়াৰ দিনেশ চন্দ্ৰ মজুমদাৰে এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ৷

এই চুক্তিৰ মূল লক্ষ্য হ’ল,‘‘আমাৰ প্ৰাক্তন সৈনিকসকলক শক্তিশালী কৰা ৷ লগতে যিসকলে যুৱপ্ৰজন্মৰ এক বৃহৎ অংশক অসামৰিক শিক্ষা প্ৰাপ্ত কৰাৰ পৰা বঞ্চিত হোৱাৰ সময়ত কৰ্তব্যৰ প্ৰতি দৃঢ় নিষ্ঠা আৰু নিষ্ঠাৰে উৎসৰ্গিত কৰিছিল তেওঁলোকৰ বাবে এই সুবিধা প্ৰদান কৰা হ’ব । প্ৰাক্তন সৈনিক সকলক পৃথকৈ প্ৰশিক্ষণ প্ৰদান কৰি অত্যন্ত শৃংখলাবদ্ধ আৰু প্ৰতিযোগিতামূলক পেছাদাৰী প্ৰস্তুত কৰিব ৷ ফলত কৰ্মচাৰীসকলক আত্মবিশ্বাসৰ বিকাশ, ব্যক্তিত্ব আৰু নেতৃত্বৰ গুণাগুণ উন্নত কৰাত সহায় হ’ব ৷ ইউজিচি স্বীকৃত স্নাতক ডিগ্ৰী প্ৰদানে প্ৰাক্তন সৈনিকসকলক তেওঁলোকৰ পুনৰ নিযুক্তিৰ ক্ষেত্ৰতো তেওঁলোকৰ দক্ষতা আৰু সামৰ্থ্য প্ৰমাণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিব।’’ এই মন্তব্য প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে কৰ্ণেল মহেন্দ্ৰ ৰাৱাটৰ ।

আনহাতে প্ৰাক্তন সৈনিকসকলক বিভিন্ন চাকৰিৰ প্ৰস্তুতিৰ সুবিধা হোৱাকৈ অসম চৰকাৰে পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে ৷ য’ত চাকৰিৰ ক্ষেত্ৰত 2 শতাংশ আসন সংৰক্ষণ মঞ্জুৰ কৰিছে অসম চৰকাৰে ৷

লগতে পঢ়ক:Tezpur Tourist spots: সন্ধিয়া 5 বজাৰ পিচত তেজপুৰৰ পৰ্যটনস্থলীত No Entry, কঠোৰ জিলা প্ৰশাসন

Last Updated : Oct 4, 2023, 10:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.