ETV Bharat / state

Chandrayaan 3 launch: চন্দ্ৰযান-৩ অভিযানৰ গুৰুত্বপূৰ্ণ দায়িত্বত অসমীয়া বিজ্ঞানী চয়ন দত্ত

author img

By

Published : Jul 12, 2023, 9:32 PM IST

চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ এক গুৰুত্বপূৰ্ণ দায়িত্বত আছে অসমৰ এগৰাকী অভিযন্তা ৷ তেওঁ হৈছে লখিমপুৰৰ চয়ন দত্ত ৷ চন্দ্ৰয়ান-৩’ৰ উপ প্ৰকল্প সঞ্চালকৰ দায়িত্বত আছে বিজ্ঞানীগৰাকী ৷

Chandrayaan 3 launch
Chandrayaan 3 launch

তেজপুৰ, ১২ জুলাই: ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এজন অসমীয়া বিজ্ঞানীয়ে ৷ তেওঁক এই ব্যৱস্থাৰ উপ-সঞ্চালক হিচাবে ইতিমধ্যে নিয়োগ কৰা হৈছে ৷

এই বিজ্ঞানীজন হৈছে লখিমপুৰ জিলাৰ সন্তান চয়ন দত্ত ৷ মহাকাশ বিভাগৰ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰত বিজ্ঞানী, অভিযন্তা হিচাবে কৰ্মৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্রনিক্স আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ প্ৰাক্তন ছাত্ৰ দত্তৰ ওপৰত ন্যস্ত হৈছে ‘অন বর্ড কমাণ্ড টেলিমেট্রি, ডাটা হেণ্ডলিং এণ্ড ষ্ট'ৰেজ চিষ্টেম, লেণ্ডাৰ, চন্দ্ৰযান-৩’ৰ উপ-প্ৰকল্প সঞ্চালকৰ দায়িত্ব ৷ ‘কমাণ্ড এণ্ড ডাটা হেণ্ডলিং চিষ্টেম’ হৈছে মহাকাশযানৰ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰা ৷

্

ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) ১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ বাহন মাৰ্ক-৩ ( Launch Vehicle Mark-III) ৰ দ্বাৰা উৎক্ষেপণ কৰিব ৷ ভাৰতৰ এই অভিযানৰ প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে ৷

ইফালে, এই অভিযানৰ অতি গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত হোৱা বিজ্ঞানী চয়ন দত্তই কয়, ‘‘এই দায়িত্ব নিষ্ঠাৰে ৰূপায়ন কৰিবলৈ পাই মই ধন্য হোৱাৰ লগতে সংশ্লিষ্ট সকলোকে কৃতজ্ঞতা জনাইছো । এই অভিযান আমাৰ দেশ আৰু বিশ্বৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি ৰূপে চিহ্নিত হৈ ৰব ৷”

বিজ্ঞানী চয়ন দত্ত আৰু সমগ্ৰ দলটোক শুভেচ্ছা জনাই তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙে কয় যে, এই মহত্বপূৰ্ণ অভিযানৰ প্ৰক্ৰিয়াই মহাকাশ অন্বেষণৰ প্ৰতি দেশৰ দায়বদ্ধতা উন্মোচিত কৰাই নহয়, লগতে দেশৰ ভিতৰৰ ব্যতিক্ৰমী প্ৰতিভা আৰু পাৰদৰ্শিতাকো উজ্জ্বলাই তুলিছে । সমগ্র দেশ, অসমবাসী, আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত্ত বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: Chandrayaan 3 launch : চন্দ্ৰত মহাকাশযান অৱতৰণ কৰা চতুৰ্থ দেশ হোৱাৰ দিশে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.