তেজপুৰ, ২৭ এপ্ৰিল : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় সেনাৰ জোৱান মিলিটাৰী ক্ৰছ সন্মান লাভ কৰা লগতে অশোক চক্ৰ বিজেতা অসম ৰাইফলছৰ জোৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন (Tributes to Subedar Major Kharka Bahadur Limbu) । ভাৰতীয় সেনাৰ চিপিয়েৰ কৰ্পৰ উদ্যোগত বীৰ যোদ্ধা চুবেদাৰ মেজৰ খাৰকা বাহাদুৰ লিম্বুক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।
বীৰ জোৱান গৰাকীক বাছাৰ্চহিপ বেটালিয়ানৰ মুখ্য কাৰ্যালয়ত আই জি এ আৰ (IGAR) দক্ষিণ মাণ্টিপুখুৰীত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । অসম ৰাইফলছৰ শীৰ্ষ বিষয়াসকলে দেশৰ বাবে যুঁজ দিয়া বীৰ সৈনিকজনৰ পৰিয়ালৰ উপস্থিতিত এই শ্ৰদ্ধা নিবেদন কৰে । লগতে অসম ৰাইফলছৰ বিষয়াসকলে পৰিয়ালৰ লোকসকলৰ লগত বাৰ্তালাপো কৰে ।
চুবেদাৰ মেজৰ লিম্বুৱে ১৯২৯ চনৰ ৫ ডিচেম্বৰত অসম ৰাইফলছত যোগদান কৰিছিল ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সাহসিকতাৰে শত্ৰু পক্ষৰ লগত মোকাবিলা কৰি এই পৰাক্ৰমৰ বাবে ভাৰতীয় সেনাৰ মিলিটাৰী ক্ৰছ সন্মান লাভ কৰিছিল । বীৰ সৈনিক লিম্বুৰ ১৯৬১ চনৰ ২৬ এপ্ৰিলত তেতিয়াৰ নগা হিলছৰ এক অভিযানত মৃত্যু হয় ৷ পৰৱৰ্তী সময়ত অশোক চক্ৰ সন্মানৰে তেওঁক বিভূষিত কৰা হয় ।
লগতে পঢ়ক : Asian Games 2022 : অম্লান বৰগোঁহাইলৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য