ETV Bharat / state

ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ বৃহৎ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

author img

By

Published : Aug 19, 2021, 7:49 PM IST

উগ্ৰপন্থীয়ে নিৰাপত্তাৰক্ষীক উদ্দেশ্য কৰি সংস্থাপন কৰি থোৱা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছে ৷

assam-rifes-recovered-detonator-at-indo-myanmar-border
ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ বৃহৎ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

তেজপুৰ, ১৯ আগষ্ট: বুধবাৰে নিশা ভাৰত-ম্যানমাৰ সীমান্তত স্পিয়াৰ কৰ্পৰ অধীনত অসম ৰাইফলছৰ চাচাদ বেটেলিয়ানে গোপন সূত্ৰৰ পমখেদি এক তথ্য লাভ কৰি তিনিটা ইম্প্ৰুভাইজড বিস্ফোৰক সজুঁলি (আই ই ডি) আৰু অন্যান্য বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ নিৰাপত্তা বাহিনীক লক্ষ্য কৰি যি পৰিকল্পনা কৰি উগ্ৰপন্থীয়ে বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰিছিল, নিৰাপত্তাৰক্ষীয়ে সেই সমূহ উদ্ধাৰ কৰি উগ্ৰপন্থীৰ প্ৰচেষ্টা বিফল কৰিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে, উগ্ৰপন্থী সংগঠনৰ কুটাঘাতৰ সম্পৰ্কে এক নিৰ্ভৰযোগ্য ইনপুটৰ দ্বাৰা তথ্য লাভ কৰি ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰত অসম ৰাইফলছৰ সেনাই তালাচি অভিযান চলোৱাৰ আৰম্ভ কৰিছিল বুলি প্ৰতিৰক্ষা বিভাগৰ এক সূত্ৰই প্ৰকাশ কৰিছে । অভিযানৰ সময়ত সৈন্যবাহিনীয়ে ভালেসংখ্যক বিস্ফোৰক জিলেটিন ষ্টিক, ডিট’নেটৰ আৰু ফিউজৰ সৈতে কেবাটাও আইইডি চিনাক্ত কৰাৰ লগতে এইসমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ পাঁচ দফীয়া দাবীৰে শিৱসাগৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

উদ্ধাৰ হোৱা আইইডি আৰু অন্যান্য বিস্ফোৰক সামগ্ৰীখিনি পৰৱৰ্তী সময়ত কামজং আৰক্ষীক হস্তান্তৰ কৰে আসামৰাইফলছৰ সেনা জোৱানে । আনহাতে বৃস্পতিবাৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ চিফ অফ ষ্টাফ লেফ্টনেন্ট জেনেৰেল কে কে ৰেপছোৱাল (Lt Gen KK Repswal) শ্বিলঙত থকা অসম ৰাইফলছ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে ।

উল্লেখযোগ্য যে, চিফ অফ ষ্টাফৰ এই ভ্ৰমণ কালত অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফ্টনেন্ট জেনেৰেল পি চি নাইয়াৰে (Lt Gen PC Nair) তেওঁক উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃ ৰাষ্ট্ৰীয় সীমান্তৰ বিষয়ে অৱগত কৰে ৷ ইয়াৰ লগতে চিফ অফ ষ্টাফ ৰেপছোৱালে অসম ৰাইফলছৰ উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা অভিযানৰ শলাগ লয় ৷

লগতে পঢ়কঃ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ডিমা হাছাওৰ দুটা স্থানত গুলীয়াগুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.