ETV Bharat / state

বতৰৰ বাধা নেওচি ৰঙাপৰাৰ এম জি ভি কে ভানুৰ শক্তি প্ৰদৰ্শন

author img

By

Published : Apr 9, 2019, 11:56 PM IST

প্ৰতিকূল বতৰ বাধাকো নেওচি ৰঙাপৰাত কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ বিশাল নিৰ্বাচনী প্ৰচাৰ

বতৰৰ বাধা নেওচি ৰঙাপৰা প্ৰচাৰ সভাত এম জি ভি কে ভানু

ৰঙাপাৰা, 9 এপ্ৰিলঃ ৰাজ্যত অহা 11 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ৰঙাপৰাত কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলাই । কংগ্ৰেছৰ সমৰ্থকসকলে নিৰ্বাচনী প্ৰচাৰ চলাই এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰে। মঙলবাৰে শোণিতপুৰৰ ৰঙাপৰাৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভে কে ভানুৱে অংশ লয়।

বতৰৰ বাধা নেওচি ৰঙাপৰা প্ৰচাৰ সভাত এম জি ভি কে ভানু

দিনৰ ১২ বজাত অসম চাহ মজদুৰ সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থকা ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে ভাষণ প্ৰসংগত কয় যে পৰিৱৰ্তন কৰাৰ নামত বিজেপি চৰকাৰখনে নিবনুৱা সমস্যা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, চাহ শ্ৰমিকৰ সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে লগতে মালিক পক্ষৰ সৈতে গোপনে মিলি চৰকাৰ তথা শ্ৰমমন্ত্ৰী পল্লৱ লোচন দাসে চাহ শ্ৰমিক ৰাইজক দৈনিক মজুৰি বৃদ্ধি কৰাৰ পৰিৱৰ্তে চৰম প্ৰতৰণা কৰা বুলি সভাত অভিযোগ তোলে। সভাত তেজপুৰ লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানু উপস্থিত হৈ চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃৰ্দ্ধিৰ প্ৰসংগত বোৰ্ডে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিছিল যদিও মন্ত্ৰী পল্লৱ লোচন দাসে বাগিচাসমূহৰ পৰিচালকৰ লগত আলোচনা কৰি মজুৰি বৃদ্ধি বন্ধ কৰি ৰাখিছে বুলি এক গুৰুতৰ অভিযোগ তোলে। ইয়াৰোপৰি ভানুৱে প্ৰতিকূল বতৰৰ বাধাকো নেওচি সমদলত অংশগ্ৰহণ কৰে।

Intro:প্ৰতিকূল বতৰ বাধা নেওচি ৰঙাপৰাত কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ বিশাল নিৰ্বাচনী প্ৰচাৰ।Body:ৰঙাপৰাঃ ৰাজ্যত অহা ১১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত ৰঙাপৰাত কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলাই। কংগ্ৰেছৰ সমৰ্থনসকলে নিৰ্বাচনী প্ৰচাৰ চলাই এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰে। আজি শোণিতপুৰৰ ৰঙাপৰাৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা নিৰ্বানী সভাত তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভে কে ভানুয়ে অংশ লয়। দিনৰ ১২ বজাত অসম চাহ মজদুৰ সঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থকা ৰঙাপৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভীমানন্দ তাঁতীয়ে ভাষন প্ৰসঙ্গত কয় যে পৰিবৰ্তন কৰাৰ নামত বিজেপি চৰকাৰখনে নিবনুৱা সমস্যা, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, চাহ শ্ৰমিকৰ সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে বুলি বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। লগতে ভীমানন্দ তাঁতীয়ে মালিক পক্ষৰ সৈতে গোপনে মিলি চৰকাৰ তথা শ্ৰমমন্ত্ৰী পল্লৱ লোচন দাসে চাহ শ্ৰমিক ৰাইজক দৈনিক মজুৰি বৃদ্ধি কৰাৰ পৰৱৰ্তে চৰম প্ৰতৰণা কৰা বুলি সভাত অভিযোগ তোলে। সভাত তেজপুৰ লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী এম জি ভি কে ভানু উপস্থিত হয়। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃৰ্দ্ধিৰ প্ৰসংগত কংগ্ৰেছ প্ৰাৰ্থী ভানুৱে বোৰ্ডে চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিছিল যদিও মন্ত্ৰী পল্লৱ লোচন দাসে বাগিচাসমুহৰ পৰিচালকৰ লগত আলোচনা কৰি মজুৰি বৃদ্ধি বন্ধ কৰি ৰাখিছে বুলি এক গুৰুত্বৰ অভিযোগ তোলে। চাহ বাগিচাৰ শ্ৰমিকৰ বিভিন্ন সা-সুবিধা সমূহও পল্লৱ লোচন দাসে বন্ধ কৰি ৰাখিছে। ইফাল ভানুয়ে প্ৰতিকূল বতৰৰ বাধা নেওচি এক ৰেলীত অংশ গ্ৰহণ কৰে। ভানুয়ে মুৰত গামোছা মাৰি এখন এখন গাড়ীত উঠি নিৰ্বাচনী ৰেলীত অংশ গ্ৰহণ কৰি ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ প্ৰয়াস চলাই।আনহাতে এইবাৰ সাংসদ হিচাপে মই যামেই আৰু মই জিকাটো নিশ্চিত বুলি মন্তব্য কৰে এম জি ভি কে ভানুয়ে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.