ETV Bharat / state

লোভেই পাপ পাপেই মৃত্যু: থানাৰ ল’কআপত কনিষ্টবল বিশ্বাস - Assam police constable caught red handed

পুনৰ এবাৰ খাকী পোচাকত কালিমা সানিলে তেজপুৰ বৰঘাত আৰক্ষীৰ এগৰাকী কনিষ্টবলে ৷ শোণিতপুৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনৱাতে (Sonitpur Superintendent of police Dr Dhananjay Ghanwat IPS) জানিবলৈ দিয়া মতে, বুধবাৰে আৰক্ষীৰ অপৰাধ নিৰ্মূল শাখাই ঘোচ লৈ থকা অৱস্থাতে আটক কৰে দেৱব্ৰত বিশ্বাস নামৰ এগৰাকী কনিষ্টবলক (Constable arrested while taking bribe)৷

SP Dr Dhananjay Ghanwat
আৰক্ষীৰ জালত স্বয়ং খাকী পোচাকধাৰী
author img

By

Published : Dec 1, 2021, 10:26 PM IST

তেজপুৰ, ১ ডিচেম্বৰ : এইবাৰ অপৰাধী নহয়, আৰক্ষীৰ জালত পৰিছে স্বয়ং খাকী পোচাকধাৰী ৷ পুনৰ এবাৰ খাকী পোচাকত কালিমা সানিলে তেজপুৰ চহৰৰ বৰঘাত আৰক্ষীৰ এগৰাকী কৰ্তব্যৰত আৰক্ষীয়ে ৷ ‘‘লোভেই পাপ, পাপেই মৃত্যু’’ - এই আপ্তবাক্যশাৰীয়েই যেন ফলিয়াইছে বৰঘাত আৰক্ষীৰ এইগৰাকী কনিষ্টবলৰ ক্ষেত্ৰত ৷ অভিযুক্ত আৰক্ষী কনিষ্টবলগৰাকীৰ নাম দেৱব্ৰত বিশ্বাস ৷

অভিযোগ অনুসৰি, বুধবাৰে সাধাৰণ এটা গোচৰ নিষ্পত্তি কৰিবলৈ এজন গুচৰীয়াৰ পৰা তিনি হাজাৰ টকাৰ দাবী কৰিছিল অভিযুক্ত কনিষ্টবল দেৱব্ৰত বিশ্বাসে (Police constable demanding bribe from petitioner) ৷ পৰৱৰ্তী সময়ত দাবী কৰা সেই ধন লৈ থকাৰ অৱস্থাতে আৰক্ষীৰ অপৰাধ নিৰ্মূল শাখাই বৰঘাত আৰক্ষী চকীতে হাতে-লোটে আটক কৰে খাকী পোচাকধাৰী দেৱব্ৰত বিশ্বাসক (Assam police constable caught red handed taking bribe) ৷ স্বয়ং খাকী পোচাকধাৰী গৰাকীৰ এনে নিলজ্জ কাণ্ডক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷

লোভেই পাপ পাপেই মৃত্যু: থানাৰ ল’কআপত কনিষ্টবল বিশ্বাস

জানিব পৰা মতে, অভিযুক্ত কনিষ্টবল দেৱব্ৰত বিশ্বাসৰ দ্ৰয়াৰৰ পৰা 14 টুকুৰা সোণ জব্দ কৰিছে আৰক্ষীৰ অপৰাধ নিৰ্মূল শাখাই (Crime Brance of Assam Police) ৷ যাৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে ৷ কিন্তু এতিয়া প্ৰশ্ন হয়, সৰিঁয়হৰ ডুলিতে ভূত ওলোৱাৰ দৰে কেনেকৈ অভিযুক্ত কনিষ্টবল গৰাকীয়ে থানাতে মজুত ৰাখিছিল সোণৰ টুকুৰাকেইটা ? কনিষ্টবল দেৱব্ৰত বিশ্বাসৰ শিৰত আছে নেকি আৰক্ষীৰ কোনো শীৰ্ষ বিষয়াৰ কৃপা !

শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱাতে (Sonitpur Superintendent of police Dr Dhananjay Ghanwat IPS) উল্লেখ কৰা অনুসৰি, জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দলে ইতিমধ্যে এই বিষয়ে আৰম্ভ কৰিছে তদন্ত ৷ লগতে তেওঁ কয় যে, পূৰ্বেও এইগৰাকী আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপিত হৈছিল ৷ সেই বিষয়েও শোণিতপুৰৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷

লগতে পঢ়ক : আৰক্ষীৰ পোচাকত চেকা; আবকাৰী অধীক্ষক হিমানজ্যোতি বৰাৰ বাসগৃহত তালাচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.