ৰঙাপৰা, 27ফেব্ৰুৱাৰী : চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অব্যাহত আছে অসমৰ নিৰীহ লোকক নিৰ্যাতনৰ ঘটনা ৷ জানিব পৰা মতে, যোৱা 20ফেব্ৰুৱাৰীৰ নিশা অৰুণাচল প্ৰদেশৰ চেপাত তেল নমাই থৈ পুনৰ মিছামাৰীলৈ এ এছ ১২ ই ২২৮৮ নম্বৰৰ টেংকাৰ গাড়ীখন চলাই চালক কাৰ্তিক তাঁতী উভতি আহিছিল ৷ ঠিক তেনে সময়তে চেপাৰ বানা এক কিলো নামৰ ঠাইত এটা দুৰ্বৃত্তৰ দলে নিৰীহ চালকজনক প্ৰহাৰ কৰাৰ উপৰিও টকা-পইচা সকলো কাঢ়ি লৈ যায় ৷ ইপিনে এই ঘটনাৰ পিচতেই মিছামাৰীত টেংকাৰ চালকসকলে ঘটনাৰ ন্যায় বিচাৰি 6 দিন ধৰি অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ যাৰ ফলত ভাৰতীয় তেল নিগমৰ মিছামাৰীস্থিত ডিপুৰ সমীপত বন্ধ হৈ আছে শ শ টেংকাৰৰ চলাচল ৷
নিৰীহ চালকক প্ৰহাৰ কৰাৰ প্ৰতিবাদত অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে অৰুণাচল প্ৰদেশলৈ টেংকাৰৰ চলাচল বন্ধ কৰি ৰাখিছে ৷ আনহাতে, চুবুৰীয়া ৰাজ্যখনত চালক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু নিৰীহ চালকজনক আক্ৰমণত কৰা অৰুণাচলী দুৰ্বৃত্তৰ দলটোক শীঘ্ৰেই আটক কৰি শাস্তি প্ৰদানৰ দাবী জনায় অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নৰ মিছামাৰী শাখাই ৷ লক্ষণীয়ভাৱে, বৰ্তমান পৰ্যন্ত দুৰ্বৃত্তৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ৷ উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত সংঘটিত হোৱা এইয়াই প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়কঃসমদলত বাধা দিয়াৰ বাবে প্ৰশাসনিক বিষয়াৰে বাকযুদ্ধ প্ৰদ্যুৎ বৰদলৈৰ