বাক্সা,26 এপ্ৰিলঃ বাক্সাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী দৰঙ্গামেলাস্থিত মেনকা চাহ বাগিচাই দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজৰ ৷ বাগিচাখনৰ তৰফৰ পৰা দৰঙ্গামেলা বজাৰ,সেনা ছাউনী,দৰঙ্গামেলা আৰক্ষী চকী,এনদৰে দৰঙ্গাকে আদিকে ধৰি বহু কেইখন ঠাইত প্ৰতি পোন্ধৰ দিনৰ মূৰে মূৰে ছেনিটাইজেশ্যনৰ ব্যৱস্থা কৰা হৈছে ৷
লক ডাউন 2.0ঃ দ্বাদশটো দিনত ক’ত কি ঘটিল ৰাজ্যত ? - তেজপুৰৰ কলীয়া গোঁসাই থান
TEZPUR RELIEF DISTRIBUTION
19:57 April 26
মেনকা চাহ বাগিচাৰ প্ৰশংসনীয় পদক্ষেপ
19:57 April 26
মুম্বাইৰ পৰা অহা এটা পৰিয়ালক কেন্দ্ৰ কৰি মহানগৰীৰ পাণ্ডু বৰ বজাৰত চাঞ্চল্য
গুৱাহাটী,26 এপ্ৰিলঃ মুম্বাইৰ পৰা অহা এটা পৰিয়ালক কেন্দ্ৰ কৰি মহানগৰীৰ পাণ্ডু বৰ বজাৰত চাঞ্চল্য। দেওবাৰে পুৱাই মুম্বাই পৰা এম্বুলেঞ্চযোগে আহি উপস্থিত হয় বিশ্বজিৎ দেৰ 4 জনীয়া পৰিয়ালটো ৷ জানিব পৰা মতে নিমায় চন্দ্ৰ দে নামৰ এগৰাকী ব্যক্তিৰ কেঞ্চাৰ হৈ মৃত্যু হয় মুম্বাইত। ব্যক্তিগৰাকীৰ মৃত্যুৰ পিছতে এম্বুলেঞ্চযোগে নিজ গৃহলৈ আহে পৰিয়ালটো । আনহাতে এই খবৰ বিয়পি পৰাৰ লগে লগে লোকজনৰ ঘৰত উপস্থিত হয় স্বাস্থ্য বিভাগৰ দল। মৃত লোকজনৰ ভূতনাথত অন্তিম সৎকাৰৰ পিছত পৰিয়ালটোৰ চাৰিওজন লোকক ঘৰৰ পৰা ওলোৱাত নিষেধাজ্ঞা জাৰি কৰে স্বাস্থ্য বিভাগে। আনহাতে,28 দিনৰ বাবে হোম কোৱাৰেইন্টাইনত থকাৰ নিৰ্দেশ দিয়া হয় পৰিয়ালটোক ৷
19:53 April 26
খাদ্য সংকটৰ সন্মুখীন বাক্সাৰ গুৱাবাৰী হাজং বস্তিৰ লোকসকল
বাক্সা,26 এপ্ৰিলঃ লক ডাউনৰ বাবে ভয়ংকৰ খাদ্য সংকটৰ সন্মুখীন হৈছে বাক্সাৰ গুৱাবাৰী হাজং বস্তিৰ লোকসকল। চৰকাৰী ৰেচনৰ চাউল লাভ কৰিছে যদিও সেইয়া পৰ্যাপ্ত হৈ উঠা নাই পৰিয়াল পোহপাল দিয়াৰ বাবে ৷ ইয়াৰ উপৰিও সময়ে সময়ে জনসেৱা নামৰ স্বেচ্ছাসেৱী সংগঠন আৰু গুৱাবাৰীস্থিত ২৪ নং এছ এছ বি বাহিনীয়ে খাদ্য সামগ্ৰী দি সহায় আগবঢ়াইছে গাঁওবাসীক ৷
19:53 April 26
ৰাণী চাটাৰগাঁৱৰ পাহাৰীয়া লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ
দক্ষিণ কামৰূপ,26 এপ্ৰিলঃ মহানগৰীৰ সমীপৰ ৰাণী চাটাৰগাঁৱৰ পাহাৰীয়া লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে মহানগৰীৰ শ্ৰী শ্ৰী বালাজী ভক্ত মণ্ডলৰ সদস্যই ৷ গাঁওখনৰ প্ৰায় 300ৰো অধিক পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে বালাজী ভক্ত মণ্ডলে ৷ বালাজী ভক্ত মণ্ডলৰ উদ্দেশ্য পাহাৰীয়া অঞ্চলটোৰ অতি দৰিদ্ৰ প্ৰায় ১০০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা ৷
19:52 April 26
ডুমডুমাত দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল বিতৰণ বিধায়ক দূৰ্গা ভূমিজৰ
ডুমডুমা,26 এপ্ৰিলঃ ডুমডুমাত দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল বিতৰণ বিধায়ক দূৰ্গা ভূমিজৰ ৷ দেওবাৰে ডুমডুমা ৰাজীৱ ভৱনত ৰেচন কাৰ্ড নথকা তথা চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত 200ৰো অধিক দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল বিতৰণ কৰে বিধায়ক গৰাকীয়ে ৷ ইয়াৰ পূৰ্বেও বিধায়ক গৰাকীয়ে চাহ বাগিচা অঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ বহু দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে ।
19:19 April 26
তেজপুৰৰ কলীয়া গোঁসাই থানত ৫১ জন লোকক জাৰ্নেলিষ্ট ইউনিয়নৰ খাদ্য সামগ্ৰী বিতৰণ
তেজপুৰ,26 এপ্ৰিলঃ তেজপুৰৰ কলীয়া গোঁসাই থানত ৫১ জন লোকক জাৰ্নেলিষ্ট ইউনিয়নৰ খাদ্য সামগ্ৰী বিতৰণ ৷ উল্লেখ্য যে, ৩ মাৰ্চত দৌল উৎসৱ উপলক্ষে আয়োজিত মেলালৈ আহি লক ডাউনৰ বাবে থানত আবদ্ধ হৈ পৰে তীৰ্থযাত্ৰীৰ দলটো ৷ উল্লেখ্য যে,তীৰ্থযাত্ৰী সকলৰ ভিতৰত বিহাৰৰ ৩ জন উত্তৰ প্ৰদেশৰ ১১ জন আৰু বাকী ৩৭ জন লোক অসমৰ বিভিন্ন প্ৰান্তৰ ৷ আনহাতে,দলটোৰ সদস্যসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনক আহ্বান জনায় শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সম্পাদক মনোজ কুমাৰ শইকীয়াই ৷
17:55 April 26
ধুবুৰী পৌৰসভাৰ চাফাই কৰ্মীক সম্বৰ্ধনা বিধায়ক অশোক কুমাৰ সিংহিৰ
ধুবুৰী, 26 এপ্ৰিলঃ ধুবুৰী পৌৰসভাৰ চাফাই কৰ্মীৰ কাষত উপস্থিত পূৱ বিলাসীপাৰা সমষ্টিৰ বিজেপি বিধায়ক অশোক কুমাৰ সিংহি ৷ সাম্প্ৰতিক ভয়াৱহ পৰিস্থিতিৰ মাজতো চাফাই কৰ্ম চলাই নিয়া ধুবুৰী পৌৰসভাৰ ১৪৫ জন চাফাই কৰ্মীক দেওবাৰে এখনকৈ ফুলাম গামোচাৰ লগতে কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক অশোক কুমাৰ সিংহিয়ে ৷ আনহাতে, ধুবুৰীৰ স্থানীয় বিধায়ক নজৰুল হকৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে চাফাই কৰ্মীসকলে ৷ চৰকাৰৰ ফালৰ পৰা কেৱল মাননিৰ বাহিৰে ধুবুৰী পৌৰসভাৰ ফালৰ পৰা আন কোনো সুবিধা পোৱা নাই বুলি অভিযোগ চাফাই কৰ্মীসকলৰ ৷