তেজপুৰ,১০ জানুৱাৰী : তেজপুৰৰ হজৰাপুখুৰীত দেওবাৰে ৰাজ্যৰ ভিতৰত প্ৰথম বাৰলৈ অনুষ্ঠিত হৈছে সদৌ অসম আন্তঃজিলা ড্ৰেগন ব’ট চেম্পিয়নশ্বিপ ৷ সময়ৰ সোঁতত হেৰাই যাব খোজা নাও খেলৰ জনপ্ৰিয়তাক বিশ্বমুখী কৰি তোলাৰ বাবেই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷ অসম ট্ৰেডিচনেল স্প’ৰ্টছ এণ্ড ড্ৰেগন ব’ট এচ’ছিয়েছনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ জৰিয়তে কেৱল এছিয়ান গেমছতেই নহয়, অলিম্পিকতো অসমৰ থলুৱা খেলবিধক অধিক জনমুখী কৰি স্থান দিয়াৰ লগতে অসমৰ প্ৰতিভাবান খেলুৱৈ সকলক সেই পৰ্যায়লৈ উন্নীত কৰিব পাৰি তাৰ চেষ্টা অব্যাহত ৰাখিছে সংগঠনটোৱে ৷
উল্লেখ্য যে, পৰম্পৰাগত খেল খনত মহিলাৰ ৪টা আৰু পুৰুষৰ ৭টা দলে অংশ গ্ৰহণ কৰে ৷ মাজুলী,শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, দৰং, গোৱালপাৰা, কামৰূপ, মৰিগাঁও, আৰু গুৱাহাটী মেট্ৰ'ৰ লগতে মুঠ ১১ খন জিলাৰ প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত দৰ্শকৰ সঁহাৰি আছিল ব্যাপক ৷
ছয়গাঁৱৰ পৰম্পৰাগত খেলৰ এটা দলে প্ৰদৰ্শনীমূলকভাৱে ৰাজ্যৰ থলুৱা খেল, তেল খুটা বগোৱা, ছৈ-গুদু, ৰছী টনা, ঢোপ খেল আদি প্ৰদৰ্শন কৰে। এই অনুষ্ঠানতেই ছয়গাঁৱৰ দলটোৱে নাওখেলৰ গীতৰ লগতে মহহো গীত নৃত্য পৰিবেশন কৰে ৷
লগতে পঢ়ক: জাভা সাগৰত উদ্ধাৰ সন্ধানহীন বিমানৰ ভগ্নাৱশেষ