ETV Bharat / state

"বন বিভাগত ধন আত্মসাৎ"- দিলীপ নাথ

বনবিভাগৰ কেম্পা আঁচনিৰ ধন আত্মসাতৰ অভিযোগ অৰণ্য সুৰক্ষা সমিতিৰ অসমৰ কৰ্মী দিলীপ নাথৰ ৷ শুকুৰবাৰে এক সংবাদমেল পাতি বৰ্তমানৰ প্ৰধান মুখ্য বন সংৰক্ষক ও বন মুৰব্বী এ এম সিং জড়িত থকাৰো এক অভিযোগ তুলে দিলীপ নাথে ৷

"বন বিভাগত ধন আত্মসাৎ"- দিলীপ নাথ
author img

By

Published : Apr 26, 2019, 4:28 PM IST

তেজপুৰ,২৬এপ্ৰিল: বন বিভাগত কেম্পা আঁচনিৰ নামত ১৮৪ কোটি টকা লুন্ঠনৰ অভিযোগ অৰণ্য সুৰক্ষা সমিতিৰ অসমৰ কৰ্মী দিলীপ নাথৰ । শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে নাথে ৷ ইপিনে প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইন আৰু প্ৰমীলা ৰানী ব্ৰহ্মৰ কাৰ্যকালত ক্ৰয় কৰা দ্ৰোণ বৰ্তমান চোৰাং চিকাৰীৰ গতিবিধি লক্ষ্য কৰাৰ বিপৰীতে মৃত্যু হোৱা গড় চাবলৈ হে ব্যৱহাৰ কৰে বুলি অভিযোগ তুলে দিলীপ নাথে ৷ ইপিনে বনাঞ্চলত নাৰ্চাৰী কোনো কাৰণতে পাতিব নোৱাৰাৰ বিপৰীতে তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলত ১১,৩৫০০০ টকা নাৰ্চাৰী পতাৰ নামত খৰচ কৰি এক ব্যাপক ধনৰ আত্মসাৎ কৰিছে বুলিও অভিযোগ তুলে অৰণ্য সুৰক্ষাকৰ্মীগৰাকীয়ে ৷ এই সকলোৰে আঁৰত বৰ্তমানৰ প্ৰধান মুখ্য বন সংৰক্ষক ও বন মুৰব্বী এ এম সিং জড়িত থকাৰো এক অভিযোগ তুলি সমগ্ৰ ঘটনাৰ ওপৰত এক তদন্তৰ দাবী জনায় ৷

Intro:তেজপুৰ,২৬এপ্ৰিল : অসমত প্ৰথম বন বিভাগত বন্য প্রাণী সংমণ্ডলত নাৰ্চাৰী উৎপন্ন কৰিবলৈ ধন মুকুলি কৰি দিয়া কেম্পা নামৰ আঁচনিৰ পৰা ২০১৬-১৭ বৰ্ষত তিনিচুকীয়া বন্য প্রাণী সংমণ্ডলত ১১,৩৫০০০টকা নাৰ্চাৰী কৰিবলৈ ধন মুকলি কৰি দিছিল । এই তথ্য অৰণ্য সুৰক্ষা সমিতিৰ অসমৰ কৰ্মী দিলীপ নাথৰ ।বন্য প্ৰাণী থকা ঠাইত ডাঙৰ গছ মাজে মাজে কাটি দিয়া হয়, যাতে তলত ঘাঁহ ভালকৈ হয় ।
কিন্ত নাৰ্চাৰী কৰি কিয় গছ পুলি লগাব, আৰু কোনে লগাব? যিহেতু ২৪ ঘণ্টাই বন্য প্ৰাণী চোৱা চিতা, বন্দুক কান্ধত লৈ কেনেকৈ গছ পুলি লগাব বা বাগান নাৰ্চাৰী কৰিব । নাথে অভিযোগ কৰে যে , কেৱল ধন খোৱাৰ কাম পাতিছে বৰ্তমান ৰ প্ৰধান মুখ্য বন সংৰক্ষক ও বনবল মূৰব্বী এ এম সিং য়ে ।

Body:তেওঁৰ কাৰ্য্য কালত কেম্পা আঁচনিৰ নামত ১৮৪ কোটি ৩৪ লাখ ৭৯ হাজাৰ ১০০ টকা২০১০-১১ বৰ্ষৰ পৰা বৰ্তমানলৈকে মুকলি কৰি দিলে পুলি উৎপাদন আৰু ৰোপন কৰিবলৈ একো নকৰিলে বুলি দাবী কৰে নাথে ।তেওঁ কয় অসমৰ কেইখনমান স্কুল, নামঘৰ ত পুলি বিতৰণ কৰি ফটো উঠিয়েই কোটি কোটি টকা শেষ কৰিলে, এই বিভাগটোত ।
আনহাতে তেওঁ পুনৰ কয় যে ২০১৯ ৰ ১ এপ্ৰিলত বোকাখাত থানাৰ অন্তৰ্গত কঁহৰা বনাঞ্চল ৰ দুসুতি বন শিবিৰ ৰ পৰা ৫০০ মিতাৰ দূৰত্বত একমাহ ৰ পিছত এটা গঁড়ৰ মৃত দেহ পোৱা গৈছিল। খৰ্গ বিহীন আৰু লগতে পাঁচটা খালি ৰাইফল ৰ গুলী ।আচৰিত কথাটো হল ৫টা গুলী ফুটিল ৫০০ মিটাৰ দূৰত্বত আৰু বন বিভাগে গম পালে এমাহৰ পিছত।এই ঘটনা কিয় ঘটিল ,দ্ৰোণ খন কিহৰ বাবে দিয়া হৈছিল? চোৰাং চিকাৰী সম্ভেদ উলিয়াবলৈ নে সজাই থবলৈ, আনহাতে চলিত মাহতে ৯ এপ্ৰিলত বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডলৰ গহপুৰৰ লখ্ৰা চাপৰি ত এজনী মাইকী হত্যা কৰি খৰ্গ লৈ গল, এই মৃত গঁড় তো দ্ৰোণ ৰ সহায়েৰে বিছাৰি উলিয়াই ।প্ৰশ্ন হয় দ্ৰোণ খন গড় সুৰক্ষা প্ৰদান কৰিবলৈ নে মৃত্যু হোৱা ৰ পিছত বিচাৰি উলিয়াব লৈ ? এই প্ৰশ্ন অৰণ্য সুৰক্ষা সমিতিৰ সদস্য দিলীপ নাথৰ ।

Conclusion:Byte: দিলীপ নাথ,

প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ ।
২৬/৪/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.