ETV Bharat / state

বনৰীয়া হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ

ৰাজ্যত ভয়াৱহ বানে সাধাৰণ ৰাইজৰ লগতে বিপদ মাতিছে পশুকুললৈ ৷ শেহতীয়াকৈ শোণিতপুৰ জিলাত উদ্ধাৰ হয় এটি হাতী পোৱালীৰ মৃতদেহ ৷

বনৰীয়া হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Jul 16, 2019, 11:02 PM IST

জামুগুৰি, 16 জুলাইঃ ৰাজ্যত সংহাৰী বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ সাধাৰণ ৰাইজৰ লগতে বানে বিপদ মাতিছে পশুকুললৈ ৷ শেহতীয়াকৈ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত উদ্ধাৰ হয় এটি হাতী পোৱালীৰ মৃতদেহ ৷

জামুগুৰিহাটৰ টৌভঙা গড়বিল পথাৰত মঙলবাৰে উদ্ধাৰ হয় এটি বনৰীয়া হাতী পোৱালীৰ মৃতদেহ ৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হাতী পোৱালীটো ওলাই আহি এইদৰে বানৰ কৱলত পৰি মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ হাতী পোৱালীটোৰ আনুমানিক 3বছৰীয়া হ'ব বুলি প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে দীপলোঙা বনাঞ্চলিক বিষয়াৰ দল উপস্থিত হৈ হাতী পোৱালীটো মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰে ৷

Intro:শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টৌভঙা গড়বিলৰ বাৰিষাৰ পথাৰ এখনৰ মাজত মঙ্গলবাৰে পুৱা উদ্ধাৰ হয় এটি বনৰীয়া হাতীৰ পোৱালীৰ মৃতদেহ৷Body: নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা হয়তো পানী হোৱাৰ বাবেই জাকৰ মাজত আহি মৃত্যুক আঁকোৱালী ল’বলগীয়া হোৱা হাতীপোৱালিটোৰ বয়স আনুমানিক ৩ বছৰ বুলি জানিব পৰা গৈছে৷পুৱাই স্থানীয় ৰাইজে মৃত হাতীপোৱালিটোক প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীৰ লগতে দীপলোঙা বনাঞ্চলিক বিষয়াক অৱগত কৰায়৷ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষী আৰু বনবিভাগে মৃত হাতী পোৱালিটো পথাৰৰপৰা নাতিদুৰৰ ওখ স্থানলৈ অনাৰ পিছত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা কৰে৷অৱশ্যে এইপৰ্য্যন্ত বনৰীয়া হাতী পোৱালিটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই৷Conclusion:উল্লেখ্য যে বাৰিষাৰ বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা বন্যহস্তিৰ জাকে জামুগুৰিহাটৰ বিভিন্ন নিৰাপদ স্থানত আশ্ৰয় বিচাৰি উপদ্ৰৱ চলোৱা আৰম্ভ কৰিছে৷
Byte1:জামুগুৰি আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া৷

Pransankar bhuyan
Sootea
Etv bharat (assam)
16.07.2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.