ETV Bharat / state

Crime review: বৃহস্পতিবাৰে গুৱাহাটীত আৰক্ষী অধীক্ষকৰ সৈতে ডিজিপিৰ গুৰুত্বপূৰ্ণ বৈঠক - Assam Crime report

ৰাজ্যৰ আইন-শৃংখলা তথা অপৰাধৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে এছ পিসকলৰ সৈতে মিলিত হ’ব আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ৷ সকলো এছ পিকে মুখ্যালয়লৈ তলব কৰাৰ কথা উল্লেখ শীৰ্ষ আৰক্ষী বিষয়াগৰাকীৰ

Assam DGP to hold meeting with SPs
GP Singh in Tezpur
author img

By

Published : Jun 21, 2023, 10:33 PM IST

গুৱাহাটীত আৰক্ষী অধীক্ষকৰ সৈতে ডিজিপিৰ গুৰুত্বপূৰ্ণ বৈঠক

তেজপুৰ, ২১ জুন : ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত তেজপুৰত বিশেষ বৈঠক অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙৰ ৷ উত্তৰ অসমৰ মুঠ চাৰিখন জিলাক সামৰি এই বৈঠক ৷ বুধবাৰে তেজপুৰত আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত শোণিতপুৰ, দৰং, বিশ্বনাথ আৰু ওদালগুৰিৰ এই চাৰিখন জিলাৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷

এই বৈঠকৰ পিচত বৃহপতিবাৰে গুৱাহাটীলৈ তলব কৰা হৈছে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলক ৷ গুৱাহাটীত ৰাজ্যৰ আইন-শৃংখলা আৰু অপৰাধজনিত কাৰণ সম্পৰ্কত এক আলোচনা হ’ব ৷ লোকসভা নিৰ্বাচন আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভতো এই বৈঠকত আলোচনাৰ সম্ভাৱনা ৷ গুৱাহাটীতে অনুষ্ঠিত হ'ব ৰাজ্যৰ শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা বৈঠক ৷ য'ত অংশগ্ৰহণ কৰিব প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলে ।

বুধবাৰে বিয়লি তেজপুৰত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ উপস্থিতিত দৰং, ওদালগুৰি, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ আৰক্ষী বিষয়াৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত অপৰাধৰ বিষয়সমূহৰ পৰ্যালোচনা কৰা হয় ৷ তেজপুৰ বাটমাৰীস্থিত কনভেনচন চেন্টাৰত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা বৈঠকত চাৰি জিলাৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু থানাসমূহৰ OC ৰ উপস্থিতিত অনুষ্ঠিত হয় পৰ্যালোচনা বৈঠক ৷

লগতে পঢ়ক: Constituency delimitation: AIUDF ক শক্তিশালী কৰিবলৈ কৰা হৈছে :অখিল

বিশেষকৈ চাৰি জিলাৰ শেহতীয়া আইন-শৃংখলাৰ বুজ লয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ বৈঠকৰ অন্তত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই চাৰি জিলাৰ অপৰাধমূলক গোচৰবোৰৰ সম্পৰ্কে বুজ লোৱাৰ কথা উল্লেখ কৰি অপৰাধজনিত গোচৰ নিষ্পত্তি নোহোৱাকৈ থকাৰ কথা অস্বীকাৰ কৰে ৷

আনহাতে, অসমৰ ‘‘মেদ বহুল আৰক্ষী’’ৰ ক্ষেত্ৰত 16 আগষ্টৰ পিছত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.