ETV Bharat / state

Assam Congress: 2024ত দেশত বিৰোধীৰ চৰকাৰ হোৱাটো নিশ্চিত; বিধায়িকা শিৱামণি বৰা - শিৱামণি বৰা

বাগিচাৰ লোকসকল এতিয়া কংগ্ৰেছ লগত আছে ৷ কংগ্ৰেছৰ সকলো একত্ৰিত ৷ ভাৰত জোড়ো যাত্ৰা আৰু বাগানে বাগানে যাত্ৰাত ভীতিগ্ৰস্ত হৈছে বিজেপি ৷ মন্তব্য কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাৰ ৷

Assam Congress
Assam Congress
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 10:43 PM IST

2024ত দেশত বিৰোধীৰ চৰকাৰ হোৱাটো নিশ্চিত; বিধায়িকা শিৱামণি বৰা

তেজপুৰ, 29 ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই ইচ্ছা কৰিলে কংগ্ৰেছ চাফা কৰি দিব বুলি কৰা মন্তব্যৰ কোনো প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবো ৷ তেজপুৰত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দি এই মন্তব্য বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামণি বৰাৰ ৷

তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে এতিয়া তেওঁলোকৰ বিৰুদ্ধে কথা ক’লেই সেইসকলৰ বিৰুদ্ধে ইডি, চিবিআই আদি লগাই দিয়ে ৷ আনহাতে 2024ত দেশত বিৰোধীৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰি তেওঁ আন এক প্ৰশ্নৰ উত্তৰত কয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা ভাৰত জোড়ো যাত্ৰা আৰু বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীৰ সাফল্যত বিজেপিয়ে ভয় খাইছে আৰু ইয়াৰ বাবেই তেওঁলোকে বিভিন্ন নাটক কৰিবলৈ আৰম্ভ কৰিছে ৷

বিৰোধী মিত্ৰজোঁট I.N.D.I.A. প্ৰধানমন্ত্ৰী প্ৰাৰ্থী কোন হ’ব সেয়া সকলোৱে মিলি সিদ্ধান্ত ল’ব বুলি কৈ বিধায়িকাগৰাকীয়ে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীজন হোৱাটো বিচৰা বুলি মন্তব্য কৰে ৷ কংগ্ৰেছ দলৰ বিধায়িকাগৰাকীয়ে নিৰ্বাচনৰ আগত তথা বিগত সময়চোৱাত বিজেপি দল-চৰকাৰে নাটকহে কৰি অহা বুলি অভিযোগ কৰে ৷

তেওঁ কয় যে বিজেপিয়ে সাধাৰণ ৰাইজক ইমান দিনে কেৱল আভুৱা ভাৰিহে আহিছে ৷ বিধায়িকা বৰাই কয় যে কেৱল কংগ্ৰেছৰ বিধায়কেই নহয়, দলটোও বৰ্তমান সম্পূৰ্ণ একত্ৰিত হৈ আছে ৷ বিজেপিক পৰাভূত কৰিবলৈকে 27 টা বিৰোধী শক্তি একগোট হোৱা বুলিও তেওঁ মন্তব্য কৰে ৷

বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থক মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু তদাৰকী কোষে চাহ বাগিচা ক্ৰয় কৰা সন্দৰ্ভত তদন্ত কৰাক লৈ বিধায়িকাগৰাকীয়ে কয় যে তেওঁ এগৰাকী বিধায়ক আৰু আমি একত্ৰিত হৈ আছোঁ ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহৰে কেইবাখনো চাহ বাগিচা থকাৰ কথা ওলাইছে বুলিও তেওঁ মন্তব্য কৰে ৷ এই প্ৰসংগত তেওঁ মুখ্যমন্ত্ৰীৰ পত্নীৰ মাটি কেলেংকাৰীৰ কথা উল্লেখ কৰে ৷

আনহাতে চাহ বাগিচাৰ লোক এতিয়া বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছৰ সৈতে থকা বুলি তেওঁ মন্তব্য কৰে ৷ উল্লেখ্য যে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ অধ্যক্ষতাত আজি তেজপুৰত উপস্থিত হয় বিধানসভাৰ সাতজনীয়া বিধায়িনী দল ৷

দলটোত বিধায়ক ভূৱন গাম, প্ৰমোদ বৰঠাকুৰ, নুৰুল হুদা, শিৱামনি বৰা, খলিলউদ্দিন মজুমদাৰ, জাকিৰ হুচেইন শিকদাৰ উপস্থিত থাকে ৷ দলটোৱে তেজপুৰ সমষ্টিৰ অন্তৰ্গত কেইবাটাও কামৰ পৰ্যৱেক্ষণ কৰে আৰু শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক বিশেষ পৰ্যালোচনা অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Pijush Hazarika: ভূপেন বৰালৈ এইবাৰ কি অনুৰোধ মন্ত্ৰী পীযুষ হাজৰীকাৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.