ETV Bharat / state

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনত বহু ভাল দেখুৱাব বিজেপিয়ে: ভৱেশ কলিতা - Price hike in Assam

চুবুৰীয়া তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (Bhabesh Kalita) ৷ আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে আৰু অধিক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি দাবী ভৱেশ কলিতাৰ ৷

Lok Sabha Election 2024
লোকসভা নিৰ্বাচনত বহু ভাল দেখুৱাব বিজেপিয়ে: ভৱেশ কলিতা
author img

By

Published : Mar 2, 2023, 10:35 PM IST

লোকসভা নিৰ্বাচনত বহু ভাল দেখুৱাব বিজেপিয়ে: ভৱেশ কলিতা

তেজপুৰ, 2 মাৰ্চ: বৃহস্পতিবাৰে উত্তৰ পূবৰ তিনি ৰাজ্য ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ল ৷ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাচতে উৎফুল্লিত হৈ পৰিছে বিজেপি ৷ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Assam BJP president Bhabesh Kalita) ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভৱেশ কলিতাই কয়, ‘‘আজি ঘোষণা হোৱা ফলাফল অনুসৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব তিনি ৰাজ্যতে ৷ ইয়াৰ বাবে মূল কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৷ প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ ভূমিকা আৰু নেডাৰ আহ্বায়ক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কষ্টৰ ফলতে আশানুৰূ ফল লাভ কৰিছে বিজেপিয়ে (2023 assembly election results) ৷’’

উল্লেখ্য যে, তেজপুৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ দুদিনীয়া কাৰ্যনিৰ্বাহক বৈঠকত বিজেপিৰ দলীয় কৰ্মীসকলৰ মাজত বিভিন্ন ধৰণৰ আলোচনাত আগন্তুক লোকসভা নিৰ্বাচনৰ ওপৰত আলোকপাত কৰা হয় । এই সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক বৈঠকতে অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তিনি ৰাজ্যৰ ফলাফলত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে লোকসভা নিৰ্বাচনতো বিজেপিয়ে অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বুলি দাবী কৰে (Bhabesh Kalita on Lok Sabha election) ৷

ইতিমধ্যেই লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধিছে সকলো ৰাজনৈতিক দলে ৷ বিজেপি দলেও ৰাজ্যৰ 12টা লোকসভা সমষ্টি দখলৰ পৰিকল্পনাৰে আৰম্ভ কৰিছে কুচকাৱাজ ৷ প্ৰতিগৰাকী বিজেপি নেতাই লোকসভা নিৰ্বাচনত বিজেপিয়ে 12 খন আসন লাভ কৰিব বুলিয়েই দাবী কৰি আহিছে ৷

ইফালে, অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক দাম বৃদ্ধিৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভৱেশ কলিতাই ৷ তেওঁ কয়, ‘‘আপুনি, মই সকলো গ্ৰাহক ৷ দাম বৃদ্ধিয়ে আমাকো চুইছে ৷ কিন্তু দামবৃদ্ধি সাধাৰণ দৃষ্টিত হ্ৰাস কৰাতো সম্ভৱপৰ নহয় (Price hike in Assam) ৷’’

উল্লেখ কৰা প্ৰয়োজন যে, ৰন্ধন গেছৰ চিলিণ্ডাৰকে ধৰি আন আন সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে সাধাৰণ ৰাইজে ৷ কিন্তু দাম বৃদ্ধি ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে হিতাধিকাৰী সৃষ্টিৰে চমক সৃষ্টি কৰি পাৰ্যমানে সাধাৰণ ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰাত নামি পৰিছে চৰকাৰ ৷ কিন্তু চৰকাৰে আত্মপক্ষ সমৰ্থন কৰিহে মন্তব্য প্ৰদান কৰি আহিছে ৷

ইফালে, বৃহস্পতিবাৰে তেজপুৰত বিজেপিৰ অনুষ্ঠানত ভৱেশ কলিতাৰ লগতে উপস্থিত থাকে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি ছান্টিয়াজ কুযুৰ , মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ,তেজপুৰ লোকসভাৰ সাংসদ পল্লৱ লোচন দাস (BJP Minority Morcha Executive meeting) ৷

লগতে পঢ়ক: Lok Sabha election 2024: লোকসভা নিৰ্বাচনত 12খন আসন দখল কৰিব বিজেপিয়ে: পীয়ূষ হাজৰীকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.