ETV Bharat / state

অশোকাষ্টমী মেলাত ধোঁৱাচাঙত উঠিল ক’ভিড প্ৰটকল

author img

By

Published : Apr 20, 2021, 8:18 PM IST

তেজপুৰৰ গণেশ ঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত ধৰ্মীয় ৰীতি-নীতি অনুসৰি পালন কৰা হৈছে অশোকাষ্টমী মেলা ৷ পিছে, ক’ভিড ১৯ মহামাৰীৰ সংক্ৰমণে ভয়ানক ৰূপ ধাৰণ কৰাক লৈ চিন্তিত হোৱা দেখা নগ’ল সৰ্ব সাধাৰণ অথবা প্ৰশাসনক ৷

ashok-astami-in-tezpur-without-covid-protocol
তেজপুৰত অশোক অষ্টমী মেলা ধোৱাচাঙত ক’ভিড প্ৰটকল

তেজপুৰ,২০ এপ্ৰিল: মঙলবাৰে সমগ্ৰ ৰাজ্যজুৰি ধৰ্মীয় ৰীতি-নীতি অনুসৰি পালন কৰা হৈছে অশোকাষ্টমী । ইষ্ট দেৱতাক আৰাধনা কৰি পৱিত্ৰ বোৱতী নদীত স্নান কৰিলে পূণ্য লাভ হয় বুলি বিশ্বাস কৰে ভক্ত বৃন্দই । মঙলবাৰৰ দিনটোত তেজপুৰৰ গণেশ ঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰতো উপস্থিত প্ৰত্যেককে স্নান কৰি ভগৱানক আৰাধনা কৰা দেখা যায় । এফালে ক’ভিড ১৯ মহামাৰীৰ সংক্ৰমণে ভয়ানক ৰূপ ধাৰণ কৰাৰ বিপৰীতে ইয়াক লৈ কাকো ভ্ৰু‌‌‌ক্ষেপ কৰা দেখা নগ’ল ।

অশোকাষ্টমী মেলাত ধোঁৱাচাঙত উঠিল ক’ভিড প্ৰটকল

শোণিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ১০০ মিটাৰ দুৰত্বত অনুষ্ঠিত হোৱা এইখন মেলাত জন সমাগম বৃদ্ধি পোৱাহে দেখা গ’ল ৷ আৰক্ষীয়ে যদিও নিজৰ কৰ্তব্য পালন কৰিছে সেয়া কিঞ্চিত মাত্ৰ । ইয়াৰ লগতে মেলাত দেখা পোৱা গ’ল বিভিন্ন মিঠাইৰ দোকান কিম্বা অন্যান্য দোকানসমূহ ৷ পিছে নাই কোনো সতৰ্কবাণী ৷ বৰঞ্চ ক’ভিডক এক প্ৰকাৰৰ মুকলি আমন্ত্ৰণহে দিয়া দেখা গ’ল এই মেলাত ৷

আনহাতে, তেজপুৰৰ কনকলতা অসামৰিক হাস্পতালত মঙলবাৰে দুপৰীয়াৰ ভাগলৈ ৫ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত ৷ ইয়াকে কৰি শোণিতপুৰ জিলাত ২৩২ জন লোক ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।

লগতে পঢ়ক: কৰ’ণাৰ ভয়াৱহতাৰ মাজতেই ধেমাজিত মুকলি বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.