তেজপুৰ, ৪ মাৰ্চ: বাল্যবিবাহ সংক্ৰান্তীয় এক গোচৰৰ সোধা পোছাৰ বাবে ছমাহৰ গৰ্ভৱতী এগৰাকী কিশোৰীক চিকিৎসালয়ৰ পৰা আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাক লৈ তেজপুৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Child marriage case in Tezpur)৷ চিকিৎসালয়খনত আশাকৰ্মী থকাৰ পিচতো কিদৰে কিশোৰীগৰাকীক আৰক্ষীয়ে নিজৰ জিম্মাত ললে সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই (DC Dev Kumar Mishra)৷ ভৱিষ্যতে যাতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবেও আশাকৰ্মীসকলক সকীয়াই দিয়ে জিলা উপায়ুক্তগৰাকীয়ে ৷
উল্লেখ্য যে, শনিবাৰে তেজপুৰত আশা কৰ্মীসকলৰ সজাগতাৰ বাবে আশা কৰ্মী সন্মিলন 2023 অনুষ্ঠিত কৰা হয় ( ASHA Convention held on Child Marriage)৷ এই সন্মিলনত উপস্থিত থাকি শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত আশা কৰ্মীসকলে বিশেষ ভূমিকা ল’ব লাগিব । কাৰণ গাঁৱৰ লগতে চাহ বাগিচাৰ অঞ্চলত সজাগতা বৃদ্ধি কৰাৰ দায়িত্ব আশা কৰ্মীসকলৰ ৷ বৰ্তমান সময়ত চলি থকা বাল্যবিবাহ এক সামাজিক ব্যাধি ৷ যিয়ে বিভিন্ন ল’ৰা-ছোৱালীক অন্ধকাৰৰ মুখলৈ ঠেলি দিয়ে ৷ মাতৃৰ মৃত্যুৰ হাৰ, শিশুৰ মৃত্যুৰ হাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আশা কৰ্মীসকলক নিজৰ পালনীয় কৰ্ত্যবৰ জৰিয়তে এই ব্যৱস্থাৰ নিঃশেষ কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷ এতিয়ালৈ শোণিতপুৰ জিলাত বাল্যবিবাহ সংক্ৰান্তত ৭০ টা গোচৰ ৰুজু হৈছে ।
এই অনুষ্ঠানত বিধায়ক পৃথ্বিৰাজ ৰাভাই ভাষণত সকলো আশা কৰ্মীক আশা অভিৱৰ্তনলৈ স্বাগতম জনায় ৷ লগতে আশা কৰ্মীসকলে প্ৰাথমিক পৰ্যায়ত কৰা কামৰ বাবে শলাগ লয় ৷ সমাজৰ ব্যাধি বাল্যবিবাহক তৃৰ্ণমূলৰ লোকসকলক সজাগ কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ৷
আনহাতে শোণিতপুৰ জিলাত নৱজাতক শিশু আৰু মাতৃৰ মৃত্যুৰ সংখ্যা কমি আহিছে ৷ আশাকৰ্মীসকলৰ ভূমিকাই সমাজত এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি মন্তব্য প্ৰকাশ কৰে শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক জীয়াউদ্দ আহমেদে ।
লগতে পঢ়ক: Health-related discussions: ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত স্বাস্থ্য সম্পৰ্কীয় আলোচনা