তেজপুৰ, ২৫ নৱেম্বৰ: বুধবাৰে হঠাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেজপুৰ সদৰ থানা চৌহদত । এগৰাকী যুৱতীয়ে শোণিতপুৰৰ ৰঙাপৰা নামগাঁও অঞ্চলৰ পৰা কৌশলেৰে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে শোণিতপুৰৰ ৰঙাপৰা নামগাঁও অঞ্চলৰ একাংশ মহিলাই । উজ্জীৱন ফাইনেন্স কোম্পানীত কৰ্মৰত সুনীতা ৰয় নামৰ এগৰাকীৰ যুৱতীৰ বিৰুদ্ধে সদৰ থানাত গোচৰ ৰুজু কৰাৰ পিছতে যুৱতীগৰাকী আৰু তেওঁৰ মাতৃৰে বাক-বিতণ্ডাৰ সৃষ্টি হয় মহিলাসকলৰ ।
নামগাঁও অঞ্চলৰ মহিলাসকলে অভিযোগ তুলিছে যে, চৰকাৰী সাহাৰ্য প্ৰদানৰ নামত বেংকৰ একাউন্ট নম্বৰ, ভোটাৰ পৰিচয় কাৰ্ড, আধাৰ কাৰ্ড আদি মহিলাসকলৰ পৰা সংগ্ৰহ কৰিছিল সুনীতা ৰয়ে । ইয়াৰ পিছত প্ৰতিগৰাকী মহিলাৰ নামত ২৮ হাজাৰ টকাকৈ বেংকৰ পৰা ঋণ আবণ্টন কৰে আৰু সেই ধন সুনীতাই কৌশলৰে সংগ্ৰহ কৰে । মহিলাসকলৰ মতে বেংকলৈ গৈ খবৰ কৰাতহে সমগ্ৰ ঘটনাৰ বিষয়ে গম পায় । পিছত আটছাৰ সৈতে যোগাযোগ কৰাত ধন আত্মসাৎ কৰা যুৱতীগৰাকীৰ বিৰুদ্ধে আটছাৰ সহযোগত তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰে মহিলাসকলে ৷
আনহাতে, এই ঘটনাক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত থানা চৌহদতে তৰ্কযুদ্ধ হয় ৷ সুনীতা ৰয়ৰ মাতৃ মিনু ৰয়ে ভুক্তভোগী মহিলাসকলক নানা ধৰণৰ ভাবুকি দিয়ে৷ মহিলাসকলেও ধন আদায় দিবলৈ কয় । কিন্তু সুনীতা ৰয়ে এই ঘটনাৰ বাবে আন এজন লোককহে দোষাৰোপ কৰে । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য । উল্লেখ্য যে, দৰিদ্ৰ জনসাধাৰণক চৰকাৰী আঁচনিৰ ধন দিয়াৰ নামত একাংশ মধ্যভোগীয়ে লুণ্ঠন চলাই আহিছে ৷ আদিবাসী সহজ সৰল নিৰক্ষৰ মহিলাক লক্ষ্য কৰি লৈ উজ্জীৱন নামৰ ফাইনেন্স কোম্পানীটোৰ নামত সুনীতা ৰয়ে লুণ্ঠন চলোৱাৰ অভিযোগ তুলিছে নামগাঁও অঞ্চলৰ মহিলাসকলে ।
লগতে পঢ়ক:চৰকাৰী বাসগৃহত উপস্থিত হৈ গগৈৰ পৰিয়ালক সান্ত্বনা ৰাহুল গান্ধীৰ