চতিয়া, ৮ নৱেম্বৰ : দেশৰ ভিতৰতে একক বৃহৎ সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা কমিটিক মৌলবাদী শক্তিৰ লগত তুলনা কৰা মন্তব্যক লৈ দেওবাৰে বিয়লি জামুগুৰিহাটত বিভিন্ন দল সংগঠনৰ উপস্থিতিত এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ ৰাজহুৱা সভাখনত প্ৰায় পাঁচশ বছৰীয়া গৌৰৱোজ্বল ইতিহাসেৰে সমৃদ্ধ বাৰেচহৰীয়া ভাওনা কমিটিক অঞ্চলটোৰ সঙ্গীয়া মাজৰচুক গাঁৱৰ যুৱক অৰূপ শইকীয়াই মৌলবাদী শক্তিৰে পৰিপুষ্ট বুলি কৰাৰ মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে কুৰিৰো অধিক দল সংগঠন ৷
জামুগুৰিহাটৰ প্ৰৱীণ সমাজকৰ্মী অৱসৰপ্ৰাপ্ত অধ্যাপক জনাৰ্দন ভূঞাঁৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত অৰূপ শইকীয়াই সামাজিক মাধ্যমত বাৰেচহৰীয়া ভাওনা কমিটিৰ বিৰুদ্ধে এনে বিৰূপ মন্তব্য কৰাক লৈ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে অৰূপ শইকীয়াক তীব্ৰ ভাষাৰে সমালোচনা কৰা লগতে সামাজিকভাৱে বৰ্জন কৰিব লাগে বুলি মন্তব্য আগবঢ়ায় ৷ আনহাতে, আছুৰ শোণিতপুৰ জিলা সভাপতি অভিজিৎ নাথে বাৰেচহৰীয়া ভাওনাৰ লগত জামুগুৰিয়া ৰাইজৰ আবেগ-স্বাভিমান জড়িত হৈ আছে বুলি উল্লেখ কৰে ৷ লগতে তেওঁ বাৰেচহৰীয়া ভাওনা কমিটিক লৈ বিৰূপ মন্তব্য কৰা অৰূপ শইকীয়াই শেষৰজন ব্যক্তি হওক বুলি মন্তব্য কৰে ৷
ইফালে জামুগুৰিহাটৰ এসময়ৰ মেধাৱী ছাত্ৰ তথা সহকাৰী অধ্যাপক প্ৰিয়াংকু প্ৰতীম হাজৰিকাই এনেধৰণৰ নেতিবাচক শক্তিৰ বিৰুদ্ধে অতি শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি উল্লেখ কৰে ৷ অন্যথা এনেধৰণৰ অপশক্তিয়ে আলজাজিৰাৰ দৰে টিভি চেনেলত অসমীয়া সংস্কৃতি বিকৃত ৰূপত পৰিৱেশন কৰাত কুণ্ঠাবোধ নকৰিব বুলি তেওঁ আশংকা ব্যক্ত কৰে ৷
বাৰেচহৰীয়া ভাওনা কমিটিৰ সভাপতি ভৱ গোস্বামীয়ে আঁতধৰা সভাখনিত সৰ্বসন্মত সিদ্ধান্তমৰ্মে অৰূপ শইকীয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উল্লেখ্য যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি ভাওনাক অৰূপ শইকীয়াই বিদেশত ইংৰাজী ভাষাত প্ৰদৰ্শন কৰাকলৈ বিগত সময়চোৱাত বাৰেচহৰীয়া ভাওনা কমিটিয়ে ভাওনাৰ স্বকীয়তা তথা মৌলিকতা নষ্ট হোৱা বুলি অভিযোগ কৰাৰ লগতে ইংৰাজী ভাওনা প্ৰদৰ্শনৰ বিৰোধিতা কৰি আহিছিল ৷
লগতে পঢ়ক : তুলিৰাম ৰংহাঙলৈ ভাৰত ভাৰ্চুৱেল ইউনিভাৰচিটিৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান