তেজপুৰ, 14 ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল ব্ৰিগেদিয়াৰ (ড৹) বি ডি মিশ্ৰই দেওবাৰে টাৱাঙত ভাৰতীয় সেনাৰ এগৰাকী অখ্যাত নায়ক মেজৰ ৰেলাংনাও বব খাটিঙৰ প্ৰতিমুৰ্তি স্থাপন কৰে । তেওঁৰ পৰিয়ালৰ দুই পুত্ৰ জন খাটিঙ,ড৹ ডাৰ্ণলদো টংমিং খাটিঙ আৰু জীয়ৰী চেলা এন খাটিঙৰ উপস্থিতিত এই প্ৰতিমুৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় ।
খাটিঙৰ প্ৰতিমুৰ্তি স্থাপন কৰি ৰাজ্যপাল মিশ্ৰই কয় যে, সমগ্ৰ দেশৰ বাবে আৰু বিশেষকৈ অৰুণাচল প্ৰদেশৰ বাবে মেজৰ ৰেলাংনাও বব খাটিঙ এক আদৰ্শ হৈ জিলিকি থাকিব ৷ সৈনিক গৰাকীক উঠি অহা যুৱ প্ৰজন্মৰ বাবে এক পথ প্ৰদৰ্শক বুলিও ৰাজ্যপাল গৰাকীয়ে মন্তব্য কৰে ৷
এক আনুষ্ঠানিক কাৰ্য্যসূচীৰে ৰাজ্যপাল মিশ্ৰই উন্মোচন কৰা এই অনুষ্ঠানত ৰাজ্যপাল গৰাকীৰ পত্নী তথা ৰাজ্যখনৰ প্ৰথম মহিলা নীলিমা মিশ্ৰ, মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমা, কেন্দ্ৰীয় খেল মন্ত্ৰী কিৰেন ৰিজিজু উপস্থিত থাকে ৷
সেনাৰ বিষয়া আৰু এগৰাকী ব্ৰিটিছ শাসনৰ প্ৰশাসনিক বিষয়াৰ বিষয়ে যাতে সকলোৱে জানিব পাৰে সেই উদ্দেশ্যে বব খাটিঙৰ প্ৰতিমুৰ্তি টাৱাঙত স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী খাণ্ডুয়ে জানুৱাৰী মাহত ঘোষণা কৰিছিল ৷
উল্লেখ্য যে, মেজৰ বব খাটিং হিচাপে পৰিচিত অসম ৰাইফলছৰ বিষয়া ৰেলাংনাও খাটিঙে মেক মোহন লাইনৰ সমীপত প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিছিল ৷ 1912 চনত মণিপুৰৰ উখৰুল জিলাত জন্ম হৈছিল মেজৰ বব খাটিঙৰ । তথ্য অনুসৰি তেওঁ 5 ম অসম ৰাইফলছত অংশগ্ৰহণ কৰিছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সেনাক সহায় কৰিছিল খাটিঙ ৷ পাছত তেওঁ ব্ৰিটিছ মিলিটেৰী ক্ৰছৰ পৰা মেম্বাৰ অব ব্ৰিটিছ এমপিৰে (Member of British Empire) ৰ সন্মান লাভ কৰিছিল ৷
স্বাধীনতাৰ পাছত 1950 চনৰ নৱেম্বৰ মাহত তেওঁ টিৰাপ ডিভিজনত এগৰাকী অতিৰিক্ত ৰাজনৈতিক বিষয়া হিচাপে কৰ্তব্যৰত আছিল ৷ উল্লেখযোগ্য যে, এই গৰাকী অসম ৰাইফলছৰ বিষয়াই শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ পৰা 1951 চনৰ 17 জানুৱাৰীত 5ম অসম ৰাইফলছৰ কনভয়ৰ লগত পদ পথে খোজ কাঢ়ি ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখত টাৱাঙত উপস্থিত হৈছিল ৷
লগতে পঢ়ক: তিনিচুকীয়াৰ পুৰণা ৰে'ল ষ্টেচনত উৰণীয়া সেঁতুৰ শুভ উদ্বোধন