ETV Bharat / state

Artificial flood in Rangapara : সাপ-বেঙৰ সৈতে সহাৱস্থান ৰঙাপৰাবাসীৰ - ৰঙাপৰাত স্থানীয় লোকৰ পথ অৱৰোধ

কৃত্ৰিম বান(Artificial flood in Rangapara) ৰ বাবে জলা-কলা খাবলগীয়া হৈছে শোণিতপুৰৰ ৰঙাপৰাবাসীয়ে ৷ কৃত্ৰিম বানৰ কবলত পৰিছে ৰঙাপৰাৰ বহু লোকৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ তদুপৰি ৰঙাপৰা-বিন্দুকুৰি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰেৰেও বৈছে পানী ৷

Artificial flood in Rangapara
কৃত্ৰিম বানৰ কবলত ৰঙাপৰা
author img

By

Published : May 16, 2022, 1:59 PM IST

ৰঙাপৰা, 16 মে’: ধাৰাসাৰ বৰষুণ আৰু পানী নিষ্কাষণৰ অপৰিকল্পিত ব্যৱস্থাৰ ফল ভোগ কৰিছে ৰঙাপৰাবাসীয়ে ৷ বিগত কিছুদিনৰে পৰা ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ অব্যাহত আছে ধাৰাসাৰ বৃষ্টিপাত ৷ যাৰ বাবে বহু অঞ্চলত প্লাৱিত কৰিছে নৈৰ বাঢ়নী পানীয়ে ৷ ইতিমধ্যে বানে বিভীষিকা আৰম্ভ কৰিছে ধেমাজি, নগাঁৱৰ বহু অঞ্চলত ৷ ইয়াৰ বিপৰীতে বহু অঞ্চলত পৰিলক্ষিত হৈছে কৃত্ৰিম বান ৷

শোণিতপুৰৰ ৰঙাপৰাবাসীয়েও কৃত্ৰিম বান(Artificial flood in Rangapara) ৰ বাবে জলা-কলা খাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ কৃত্ৰিম বানৰ কবলত পৰিছে ৰঙাপৰাৰ বহু লোকৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ৷ তদুপৰি ৰঙাপৰা-বিন্দুকুৰি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ ওপৰেৰেও বৈছে বৰষুণৰ পানী ৷

কৃত্ৰিম বানৰ কবলত ৰঙাপৰা

বিশেষকৈ 1 নং নামনিগাঁৱৰ বাট-পথসমূহৰো অধিকাংশ বিধ্বস্ত হৈ পৰিছে কৃত্ৰিম বানৰ ফলত ৷ দৰাচলতে ৰঙাপৰা পৌৰসভা(Rangapara municipality board) আৰু নামনিগাঁও গাঁও পঞ্চায়তৰ অপৰিপক্ক পানী নিষ্কাষণ ব্যৱস্থাৰ ফল ভুগিবলগীয়া হৈছে স্থানীয় লোকসকলে ৷ তদুপৰি বিজ্ঞানসন্মতভাৱে নলা-নৰ্দমা নিৰ্মাণ নকৰাৰ ফলতে বৰষুণৰ পানী জমা হৈ সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ একপ্ৰকাৰ সাপ-বেঙৰ সৈতে সহাৱস্থান কৰিবলগীয়া হৈছে ৰঙাপৰাবাসীয়ে ৷

জন প্ৰতিনিধি তথা পৌৰসভাৰ এনে অপৰিকল্পিত কৰ্মকাণ্ডৰ বিৰুদ্ধে সোমবাৰে পুৱা স্থানীয় ৰাইজসকল ক্ষুব্ধ হৈ অৱৰোধ(Locals block road in Rangapara) কৰে ৰঙাপৰা-তেজপুৰ সংযোগী পথচোৱা ৷ ইয়াৰ ফলত কিছু সময়ৰ বাবে পথচোৱাৰ দুয়োকাষে যান-বাহনসমূহ আৱদ্ধ হৈ যান-জঁটৰ সৃষ্টি হয় ৷ প্ৰতিবাদকাৰীসকলে শীঘ্ৰে কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৷

পিছে, স্থানীয় লোকসকলৰ এই দাবী কেনেদৰে পৌৰসভা অথবা বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰে সেয়াহে সময়ত লক্ষণীয় হ’ব ৷

লগতে চাওক: কামপুৰত বানৰ বিভীষিকা; পানীৰ তলত 50 খনৰো অধিক গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.