তেজপুৰ,৯ অক্টোবৰ : ভাৰতীয় সেনাৰ সেৱা কৰ্পছৰ অধীনত ১ অক্টোবৰত তেজপুৰৰ পৰা আৰম্ভ কৰা মটৰ চাইকেল ৰেলীৰ দল 'টৰ্ণেডো' শ্বিলঙত উপস্থিত হয় । শ্বিলঙৰ ১০১ এৰিয়াৰ পৰা লেফটেনেণ্ট জেনেৰেল কে.চি পঞ্চনাথনে এই ৰেলী ফ্লেগ অফ কৰে (Tornedoes bike rally flag off from Shillong)। ফ্লেগ অফ কৰাৰ পূৰ্বে ৱাৰ মেম’ৰিয়েলত দলটোৱে বীৰ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনায় ।
![Tornadoes](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-02-09oct-pixvideo-armytornadoes-pranabkumardas-7203907_09102022164849_0910f_1665314329_932.jpg)
দলটোৱে টেঙা উপত্যকা হৈ বোমদিলা, চেলা পাছ, টাৱাঙৰ মাজেৰে গৈ শ্বিলঙত উপস্থিত হৈছে । শ্বিলঙৰ পৰা দলটো কম্ব্ৰিয়ান, ইম্ফল হৈ পুনৰ ১৭ অক্টোবৰত ২৬০০ কিঃমিঃ দূৰত্ব সামৰি গজৰাজ যুদ্ধ স্মাৰকত উপস্থিত হ'ব ।
উল্লেখ্য যে লেফটেনেণ্ট জেনেৰেল ডি এছ ৰাণা (Lt General DS Rana), এ ভি এছ এম, ৱাই এছ এম, এছ এম, জি অ' চি ৪ কৰ্পছে ভাৰতীয় সেনা সেৱা কৰ্পছৰ (Indian Army Tornadoes bike) মটৰ চাইকেল প্ৰদৰ্শন দল 'টৰ্নেডোজ'ক ফ্লেগ অফ কৰিছিল (Indian Army Tornadoes Bike Riders bike rally) ।
১৯৬৭ চনত আৰম্ভ হোৱাৰ পৰাই টৰ্ণেডোৱে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে । তেওঁলোকৰ ৩২ টা বিশ্ব অভিলেখৰ আকৰ্ষণীয় ৰেকৰ্ড আছে আৰু প্ৰতি বছৰে ইয়াৰ সংখ্যা বৃদ্ধি পাই আহিছে । বেংগালুৰুৰ এ এছ চি চেণ্টাৰত নিয়োজিত এই দলটোত ৩৯ জনীয়া ৰাইডাৰ আছে য’ত দুজন বিষয়া, দুজন কনিষ্ঠ কমিছনড বিষয়া আৰু ৩৫ জন অন্যান্য ৰেংকৰ বিষয়া আছে ।
![Tornadoes](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-02-09oct-pixvideo-armytornadoes-pranabkumardas-7203907_09102022164849_0910f_1665314329_76.jpg)
বিগত ৫০ বছৰ ধৰি টৰ্ণেডোৱে দেশৰ হৈ হাজাৰ হাজাৰ শ্ব’ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰি আহিছে । ভূটানত আন্তর্জাতিক পর্যায়তো ৬ বাৰ ভাৰতক প্রতিনিধিত্ব কৰিছে এই দলটোৱে ৷ দলটোৱে ২০২০ চনৰ নৱেম্বৰ মাহত বিভিন্ন শাখাৰ অধীনত ৯ টা বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । দলটোৱে ২২ দিনত ২৫০০ কিলোমিটাৰৰো অধিক দূৰত্বৰ কাৰাকোৰাম পাছলৈ শীতকালীন অভিযানতো অংশগ্ৰহণ কৰিছিল ।
![Tornadoes](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-02-09oct-pixvideo-armytornadoes-pranabkumardas-7203907_09102022164849_0910f_1665314329_800.jpg)
উল্লেখ্য, ২০২২ চনৰ ৮ ডিচেম্বৰত সেনা সেৱা বাহিনীয়ে ১১ সংখ্যক পুনৰ মিলন আৰু ২৬২ সংখ্যক কৰ্পছৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব । কৰ্পছৰ ইতিহাসক স্মৰণ কৰি জাতিৰ স্বাৰ্থত সেৱা আগবঢ়োৱা এই বীৰ সৈনিক আৰু শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে টৰ্ণেডোৱে এইবাৰ দেশৰ উত্তৰ-পূব অঞ্চলত ২৫০০ কিলোমিটাৰ মটৰচাইকেল অভিযানৰ পৰিকল্পনা কৰিছে ।
লগতে পঢ়ক :সেনাবাহিনীৰ সেৱা কৰ্পছৰ মটৰচাইকেল অভিযান