তেজপুৰ,৫ ফেব্ৰুৱাৰী : ভাৰতীয় সেনাৰ অধীনত ত্ৰিশক্তি কৰ্পছে ইষ্টাৰ্ণ কামাণ্ডৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ চিকিমৰ সীমান্তত গাঁওবাসীৰ বাবে এক বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰে (Army organizes free health camps in Sikkim)। পূব চিকিম ভিলেজ কমিউনিটি হলত আয়োজন কৰা হয় এই স্বাস্থ্য শিবিৰৰ । মুঠ ৫৬ গৰাকী গাঁওবাসীক সেনাৰ চিকিৎসা দলে স্বাস্থ্য পৰীক্ষা কৰে (Free health camp by Army in Sikkim ) ।

ইচিজি (ECG), চকু পৰীক্ষাকে ধৰি বিভিন্ন ৰোগৰ পৰীক্ষা কৰে সেনাৰ চিকিৎসকৰ দলটোৱে । গাঁওবাসীক বিনামূলীয়া ঔষধও প্ৰদান কৰা হয় । আনহাতে ভাষণ প্ৰদান কৰি নেমা লেপচা নামৰ গাঁওৰ এগৰাকী জ্যেষ্ঠ লোকে সেনাৰ এই প্ৰচেষ্টাৰ শলাগ লয় আৰু কেইবা দশক ধৰি সীমান্ত অঞ্চলত চলি অহা সেনা আৰু গাঁওবাসীৰ মাজত থকা গভীৰ সম্পৰ্কক পুনৰ সজীৱ কৰি তোলে বুলি তেওঁ জানিবলৈ দিয়ে ।
লগতে পঢ়ক :Fake Indian Currency Notes Seized: অসম-বাংলাদেশ সীমান্তত ৩ লাখ টকাৰ জাল নোট জব্দ, দুই ধৃত