তেজপুৰ,১০ জানুৱাৰী : শুকুৰবাৰে ভাৰতীয় সেনাবাহিনীৰ GOC IN C ইষ্টান কামাণ্ডৰ মূৰব্বী লে জে অনিল চৌহানৰ ভাৰত ম্যানমাৰ সীমান্ত আৰু নাগালেণ্ডৰ দুদিনীয়া ভ্ৰমণসূচীৰ সামৰণি পৰে ৷ ভ্ৰমণকালত ইষ্টান কামাণ্ডৰ অধিনায়ক চৌহানে অসম ৰাইফলচৰ মূখ্য কাৰ্যালয় পৰিদৰ্শন কৰি পাহাৰীয়া জিলাখনৰ লগতে সীমান্তৱৰ্তী ভাৰত ম্যানমাৰ এলেকা সুৰক্ষা ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে ৷
উল্লেখ্য যে, অসম ৰাইফলচৰ স্থানীয় অধিনায়কে সেনা প্ৰধানগৰাকীক সুৰক্ষা ব্যৱস্থা আৰু অভিযান সম্পৰ্কীয় বিষয়ত অৱগত কৰে ৷ ইষ্টান কামাণ্ডৰ অনিল চৌহান, স্পিয়াৰ কৰ্পচৰ GOC আৰু অসম ৰাইফলচৰ আই জি ৰ লগত বৃহস্পতিবাৰে নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবি য়ে সাক্ষাৎ কৰে ৷
নাগালেণ্ড আৰু সীমান্তবৰ্তী ম্যানমাৰ এলেকাৰ শান্তি সম্প্ৰীতি আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ বিষয়েও ৰাজ্যপাল আৰ এন ৰবি য়ে ইষ্টান কামাণ্ডৰ অনিল চৌহান, স্পিয়াৰ কৰ্পচৰ GOC আৰু অসম ৰাইফলচৰ আই জি ৰ আলোচনা কৰা বুলি জানিব দিয়ে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লে: কৰ্নেল পি খোনচাই ৷
লগতে পঢ়ক: দিলীপ হীৰাক আৰু কি কি ক'লে শংকৰ মহাদেৱনে !!