ETV Bharat / state

দুদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰত উপস্থিত জেনেৰেল এম এম নাৰাভানে - ভাৰতীয় সেনা

দুদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰ (নাগালেণ্ড) ত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে ৷ অৰুণাচল প্ৰদেশৰ উত্তৰ সীমান্ত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা অঞ্চলৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ ডিমাপুৰত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধানগৰাকী ৷

দুদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰত উপস্থিত ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাভম

author img

By

Published : May 21, 2021, 12:49 PM IST

তেজপুৰ, 21 মে’: দুদিনীয়া ভ্ৰমণসূচীৰে ডিমাপুৰ (নাগালেণ্ড) ত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে ৷ অৰুণাচল প্ৰদেশৰ উত্তৰ সীমান্ত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰুৱা অঞ্চলৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ ডিমাপুৰত উপস্থিত হয় ভাৰতীয় সেনা প্ৰধানগৰাকী ৷

ডিমাপুৰৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ পাচত সেনা প্ৰধানগৰাকীক লেফটেনেণ্ট জেনেৰেল জনছন মেথু, জেনেৰেল অফিচাৰ কমাণ্ডিং স্পীয়ৰ কৰ্পছ আৰু ডিভিজন কমাণ্ডাৰসকলে উত্তৰ সীমান্তৰ বিদ্যমান পৰিস্থিতি আৰু কাৰ্যকৰী প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে ।

চি.অ’.এ.এছে উৎকৃষ্ট সতৰ্কতা বজাই ৰখাৰ বাবে সকলো পদবীক প্ৰশংসা কৰে ভাৰতীয় সেনা প্ৰধানগৰাকীয়ে ৷ আনকি সকলোকে সতৰ্ক হৈ থাকিবলৈ আৰু নিয়ন্ত্ৰণ ৰেখাত কাৰ্যকলাপ ওপৰত নজৰ ৰাখিবলৈ অনুৰোধ জনায় ।

প্ৰাপ্ত তথ্য অনুসৰি, ভাৰতীয় সেনা প্ৰধান জেনেৰেল এম এম নাৰাভানে বৃহস্পতিবাৰে নতুন দিল্লীলৈ উভতি অহাৰ কথা আছে ৷

লগতে পঢ়ক: আজিৰ পৰা বন্ধ হ'ল মাজুলী-নিমাতী ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.