ETV Bharat / state

Historic Tezpur city: গুপ্তযুগৰ প্ৰাচীন শিলাস্তম্ভৰে সমৃদ্ধ তেজপুৰৰ এখন বিশেষ শ্মশান

author img

By

Published : Mar 20, 2023, 6:42 PM IST

বিভিন্ন ঐতিহাসিক সমলেৰে সমৃদ্ধ ৰাজ্যৰ এখন প্ৰাচীন চহৰ হৈছে তেজপুৰ চহৰ ৷ গুপ্তযুগৰ প্ৰাচীন আৰু চহকী ইতিহাসৰ স্মৃতি আজিও বহন কৰি আহিছে তেজপুৰে ৷ তেজপুৰৰ দৌলগুৰি শ্মশানত উদ্ধাৰ কৰা হৈছে গুপ্তযুগৰ বহু সমল (Architecture of Gupta Yug) ৷

Historic Tezpur city
গুপ্তযুগৰ প্ৰাচীন শিলাস্তম্ভৰে সমৃদ্ধ তেজপুৰৰ এখন বিশেষ শ্মশান

তেজপুৰ, 20 মাৰ্চ: গুপ্তযুগৰ প্ৰাচীন ইতিহাস আৰু সমলেৰে সমৃদ্ধ আৰু পৰিপুষ্ট ঐতিহাসিক সাংস্কৃতিক নগৰী তেজপুৰ । চহৰখনৰ পৌৰাণিক ইতিহাস প্ৰমাণ কৰি আহিছে বিভিন্ন প্ৰাচীন যুগৰ শিলাস্তম্ভ, শিলত খোদিত ভাস্কৰ্য আদিয়ে (Gupta Yug sculpture) ৷

গুপ্তযুগৰ ঐতিহাসিক সমল সমৃব্ধ এক স্থান হ’ল তেজপুৰৰ মধ্য অঞ্চলৰ মাজগাঁও হিচাবে পৰিচিত গাঁৱখনৰ এটা প্ৰচীন চুবুৰী ঘৰপৰা চুবুৰী ৷ পৌৰাণিক দৌল তথা মন্দিৰৰ ভগ্নাৱশেষে ইয়াৰ গুপ্তযুগৰ ঐতিহাসিক স্মৃতি বহন কৰি আহিছে (Architecture of Gupta dynasty) ৷

Historic Tezpur city
দৌলগুৰি শ্মশানত উদ্ধাৰ হোৱা প্ৰাচীন শিলাখণ্ড

উল্লেখ্য যে, ঘৰপৰা চুবুৰীৰ দৌলগুৰিত গুপ্তযুগৰে এক দৌলৰ ভগ্নৱশেষ উদ্ধাৰ হোৱা আৰু ইয়াৰ আশেপাশে বহু কাৰুকাৰ্য খোদিত শিলাখণ্ডৰ উদ্ধাৰে অঞ্চলটোৰ ঐতিহাসিক পটভূমিৰ বিষয়ে প্ৰকাশ কৰে ৷ এই দৌলগুৰিতে আকৃতিত সৰু এখন শৈলদ্বাৰ উদ্ধাৰ কৰা হৈছিল ৷ প্ৰায় এশ বছৰ পূৰ্বে উদ্ধাৰ হোৱা এই শৈলদ্বাৰত তিনি নাৰীমূৰ্তি খোদিত আছে আৰু এইখন শৈলদ্বাৰ গুপ্তযুগৰে বুলি ধাৰণা কৰা হৈছে (cultural heritage of Tezpur) ৷

বৰ্তমান এই দ্বাৰখন ঘৰপৰা চুবুৰীৰে শ্ৰী শ্ৰী গোপাল গোঁসাই থানত ৰখা হৈছে ৷ প্ৰণিধানযোগ্য যে, এইখন শৈলদ্বাৰ আৰু দপৰ্বতীয়াৰ বিখ্যাত শৈলদ্বাৰৰ সৈতে যথেষ্ট সাদৃশ্য আছে ৷ ইয়াত উদ্ধাৰ হোৱা বিভিন্ন প্ৰস্থৰ খণ্ড আৰু সমল পৰৱৰ্তী সময়ত বিভিন্ন স্থানলৈ স্থানান্তৰ কৰা হয় (Gupta Architecture) ৷

Historic Tezpur city
দৌলগুৰি শ্মশানৰ প্ৰৱেশদ্বাৰ

দৌলগুৰি শ্মশানত এটা মাটিৰ ঢিপ আছে ৷ ইয়াত পূৰ্বে এক মন্দিৰ আছিল বুলিও ধাৰণা কৰা হৈছে ৷ অৱশ্যে বৰ্তমানেও ইয়াৰ বিজ্ঞানসন্মত অধ্যয়ন কৰা হোৱা নাই ৷ এই অঞ্চলত পুৰাতত্ব বিভাগে অধ্যয়ন চলোৱাটো অতি আৱশ্যক আছিল যদিও তাৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷

বৰ্তমান তেজপুৰৰ এক ৰাজহুৱা শ্মশান দৌলগুৰি প্ৰকৃততে দ’লৰ গুৰি নামৰ পৰাই উৎপত্তি হোৱা বুলি ধাৰণ কৰা হয় ৷ ইয়াত বৰ্তমান বহুসংখ্যক প্ৰাচীন শৈলস্তম্ভৰ অংশ সংৰক্ষিত হৈ আছে ৷ শ্মশান পৰিচালনা সমিতিয়ে এইখন শ্মশানখনত বৰ্তমান ভালেসংখ্যক প্ৰত্নতাত্বিক সমল সংৰক্ষিত কৰি ৰাখিছে (Gupta Architecture of Tezpur) ৷

লগতে পঢ়ক: Helicopter crash in Arunachal: ‘বাৰ্মুদা ট্ৰায়েংগল’ হৈ পৰিছে নেকি অৰুণাচলৰ দুৰ্গম পাহাৰীয়া অঞ্চল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.