ETV Bharat / state

Earthquake jolts Meghalaya: মেঘালয়ত প্ৰায় 5 প্ৰাবল্যৰ ভূঁইকপ; জোকাৰণি অনুভৱ অসমতো - 5 magnitude earthquake

অসমত ভূঁইকপৰ জোকাৰণি । মেঘালয়ৰ উত্তৰ গাৰো পাহাৰত উৎপত্তি হোৱা ভূমিকম্পৰ প্ৰভাৱ পৰে অসমতো ।

Earthquake in Meghalaya
ভূঁইকপৰ জোকাৰণি অসমত
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 8:06 PM IST

তেজপুৰ, ২ অক্টোবৰ : চুবুৰীয়া ৰাজ্য মেঘালয়ত সোমবাৰে সন্ধিয়া হোৱা ভূঁইকপৰ জোকাৰণি অসমতো অনুভত হয় । এই ভূমিকম্পই অসমৰ কেইবাখনো জিলাত মৃদু প্ৰভাৱ পেলায় । গুৱাহাটীৰ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, সোমবাৰে সন্ধিয়া ৬.১৫ বজাত মেঘালয়ৰ উত্তৰ গাৰো পাহাৰত উৎপত্তি হোৱা ভূমিকম্পটোৰ প্ৰবাল্য আছিল ৰিখষ্টাৰ স্কেলত ৫.২ । ভূ-গৰ্ভৰ ১০ কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই ভূমিকম্পৰ ফলত মেঘালয়ত হোৱা কোনো ক্ষয়-ক্ষতিৰ তথ্য় লাভ কৰা হোৱা নাই । গুৱাহাটীৰ লগতে এই ভূমিকম্প অসমৰ কেইবাখনো জিলাত অনুভত হয় ।

উল্লেখ্য় যে দেওবাৰে নিশাৰে পৰা গুৱাহাটীৰ লগতে অসমৰ কেইবাখনো জিলাত আৰম্ভ হৈছে বৰষুণ । উত্তৰ পূৰ্বাঞ্চলত সঘনাই ভূমিকম্পৰ জোকাৰণি অনুভত হৈছে । আনহাতে, এই বৰ্ষৰ ৯ জুনত পুৱা ১০.০৫ বজাত ভূঁইকপে সমগ্ৰ ৰাজ্যতে জোঁকাৰি যায় । বতৰ বিজ্ঞান কেন্দ্ৰত তথ্য় মতে, ৰিখটাৰ স্কেলত ৩.৭ প্ৰাৱল্যৰ ভূঁইকপৰ উৎপত্তিস্থল আছিল শোণিতপুৰ জিলাত । এই ভূঁইকপৰ জোকাৰণি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈকে অনুভূত হয় । ভূ-গৰ্ভৰৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত এই ভূঁইকপৰ উৎপত্তি স্থল আছিল ।

ইয়াৰ পূৰ্বে যোৱা ২৯ মে'ৰ পুৱাও ভূঁইকপে শোণিতপুৰ জিলাৰ লগতে অসমৰ কেইখনমান জিলাত ইয়াৰ প্ৰভাৱ পেলায় । বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰা মতে, ভূমিকম্পটো ৰিখতাৰ স্কেলত ৪.৪ প্ৰাৱল্যৰ আছিল । পুৱা ৮.৩ বজাত হোৱা ভূমিকম্পৰ উৎপত্তি স্থল শোণিতপুৰ জিলাত আৰু ই মাত্ৰ ১৫ কিলোমিটাৰ গভীৰতাত সৃষ্টি হৈছিল । বিগত ২০২১ চনৰ ২৮ এপ্ৰিলত হোৱা ৬.৮ প্ৰাৱল্যৰ ভূমিকম্পৰ উৎপত্তি স্থলো শোণিতপুৰ আছিল ।

উল্লেখযোগ্য যে, ২০২১ চনৰ ভূমিকম্পও শোণিতপুৰৰ ঢেকীয়াজুলিৰ সমীপত হৈছিল । ইয়াৰ ফলত তেজপুৰ ডিপোতাৰ নদীৰ সমীপত পথাৰৰ মাটি ফাটি পানী ওলাইছিল । আনকি নদীৰ পানীত বুৰবুৰণীৰো সৃষ্টি হৈছিল । ইয়াৰ পিছতে কেন্দ্ৰীয় ভূবিজ্ঞানীৰ এটা দল তেজপুৰত ইয়াৰ উৎপত্তিৰ বিষয়ে এক বিশদ পৰ্যালোচনা চলাইছিল ।

লগতে পঢ়ক:Electricity tariff hike: মাচুল বৃদ্ধিৰ বিকল্প নাই; আকৌ নতুন জাননী জাৰি APDCL ৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.