তেজপুৰ, 05 জুন : 48 ঘন্টা উকলি যোৱাৰ পাচতো সম্ভেদ নাই বায়ুসেনা বাহিনীৰ নিৰুদ্দেশ এন্টনোভ AN-32ৰ লগতে 13 গৰাকী আৰোহীৰ ৷ মালবাহী জাহাজখনৰ উদ্ধাৰ কাৰ্যত সহায় কৰিবলৈ মঙলবাৰে দুপৰীয়া 1 বজাত তামিলনাডুৰ পৰা অহা অত্যাধুনিক P8 চেঞ্চৰ যুক্ত বিমানেৰে বুধবাৰে অৰ্থাৎ আজি পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ৷
প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মেঘালয়স্থিত বায়ু সেনা চাউনীৰ জনসম্পৰ্কী বিষয়া উইং কামাণ্ডাৰ ৰত্নাকৰ সিঙে এই তথ্য প্ৰকাশ কৰে ৷ এই P8 চেঞ্চৰযুক্ত বিমানখন বৰ্তমান যোৰহাটৰ ৰৰৈয়া বায়ু সেনা শিবিৰৰ পৰা অভিযান আৰম্ভ কৰিছে ৷ এই বয়িং ভাৰতৰ P8 ভেৰাইন্ট উন্নত মানৰ সজুলিৰে (বিষেশকৈ চাবমেৰিন অপাৰেচনত ব্যৱহাৰ কৰা হয়) অৰুণাচললৈ উৰা মাৰিছে ৷ সম্পূৰ্ণ বৈদেশিক সা-সজুলিৰে পৰিপূৰ্ণ এই বিমানখনেৰে যোৰহাট আৰু মেচুকাৰ মাজত উদ্ধাৰ অভিযান চলাইছে যদিও বৰ্তমানলৈকে নিৰুদ্দেশ AN 32 বিনামখনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে তেজপুৰ বায়ু সেনা চাউনীৰ পৰা চুখয় SU-30 বিমানেৰে বৰ্তমান উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ৷ অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক এচ বিকে সিঙে ইটিভি ভাৰতক জানিবলৈ দিয়ে যে উক্ত অঞ্চলৰ 5 খন জিলাৰ আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই আছে ৷ আনহাতে আজি পুৱাৰ পৰা বতৰ কিছু ফৰকাল হোৱাৰ বাবে আৰু ভিতৰুৱা অঞ্চল সমূহতো প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে P8 চেঞ্চৰ যুক্ত বিমানখনে উদ্ধাৰ অভিযান সামৰিছে ৷ আনহাতে C-130 বিমান আৰু হেলিকপ্টাৰ নিৰুদ্দেশ বিমান খনৰ উদ্ধাৰ অভিযানৰ বাবে সাজু হৈছে যদুিও প্ৰতিকুল বতৰৰ বাবে এই পৰ্যন্ত উদ্ধাৰ অভিযান আৰম্ভ হোৱা নাই ৷