ETV Bharat / state

স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান - Joint health directors office Sonitpur

মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈকো কেৰেপ নকৰি অৰ্থলোভী চৰিত্ৰ বৰ্তাই ৰাখি দুৰ্নীতি অব্যাহত ৰাখিছে ৰাজ্যৰ এচাম ঘোচখোৰ কৰ্মচাৰীয়ে ৷ মঙলবাৰে ঘোচ ল’বলৈ গৈ হাতে-লোটে ধৰা পৰিল তেজপুৰত শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰী (Raid in joint health director's office Sonitpur) ৷ জানো আহক ঘটনাৰ সবিশেষ ৷

pix-breaking-pranab-kumar-das
স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
author img

By

Published : Feb 22, 2022, 3:24 PM IST

Updated : Feb 22, 2022, 7:39 PM IST

তেজপুৰ, 22 ফেব্ৰুৱাৰী : চৰকাৰী কাৰ্যালয় সমূহত চলি থকা দুৰ্নীতি ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ কঠোৰ হৈছে যদিও এতিয়াও এচাম চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চৰকাৰৰ এই পদক্ষেপক ভ্ৰক্ষেপ কৰি অনায়াসে চলাই গৈছে দুৰ্নীতি । শেহতীয়াকৈ এনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ত ৷

মঙলবাৰে তেজপুৰত শোণিতপুৰ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত ভূপেন বৰা নামৰ কৰ্মচাৰীজনে উপঢৌকন অৱস্থাত হাতে লোটে আটক কৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানই (Raid in joint health director's office Sonitpur) ৷ জানিব পৰা মতে, কাৰ্যালয়টোৰ মাল্টি পাৰপছ ৱৰকাৰ এগৰাকীয়ে ভূপেন বৰাই 100 টকা লোৱাৰ অভিযোগ উত্থাপন কৰি দুৰ্নীতি নিবাৰক শাখাক খবৰ দিয়ে ৷

লগে লগে কাৰ্যালয়টোত দুৰ্নীতি নিবাৰক শাখা উপস্থিত হৈ বৰাক হাতে লোটে আটক কৰে৷ ইপিনে, দুৰ্নীতি নিবাৰক শাখাই অভিযুক্ত ভূপেন বৰাৰ ঘৰত তালাচী অভিযান চলাই যদিও কোনো ধৰণৰ আপত্তি জনক নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহয় ৷

লগতে পঢ়ক : Ram Nath Kovind to Visit Kaziranga: ৰাষ্ট্ৰপতিৰ আগমনক লৈ যুদ্ধংদেহি প্ৰস্তুতি

Last Updated : Feb 22, 2022, 7:39 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.