ETV Bharat / state

Assam political updates: যিকোনো পৰিস্থিতিত আজমলক আদৰি ল’বলৈ বিমত বিজেপি বিৰোধী ঐক্য মঞ্চ

author img

By

Published : Jun 5, 2023, 10:41 PM IST

বিজেপিক প্ৰতিৰোধ কৰিবলৈ অসমত একেলগ হৈছে 11 টা বিৰোধী দল ৷ কিন্তু কোনো কাৰণতে এ আই ইউ ডি এফক লগত ল’ব খোজা নাই এই বিৰোধী শক্তিয়ে ৷ পূৰ্বেই কংগ্ৰেছে নস্যাৎ কৰাৰ দৰে এইবাৰ ৰাইজৰ দলৰ নেতা অখিল গগৈয়েও নস্যাৎ কৰিলে আজমলক (Anti BJP front in Assam) ৷

Anti BJP units in Assam
Assam political updates
যিকোনো পৰিস্থিতিত আজমলক আদৰি ল’বলৈ অস্বীকাৰ বিজেপি বিৰোধী শক্তিৰ

তেজপুৰ, ৫ জুন: ‘‘বিজেপি বিৰোধী ঐক্য মঞ্চত এ আই ইউ ডি এফ দলক গ্ৰহণ কৰা নহ’ব ।’’ এই সিদ্ধান্ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ । এ আই ইউ ডি এফ বিজেপি দলৰ এজেন্ট তথা একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি মন্তব্য কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi reacts on alliance with AIUDF) ।

অসম প্ৰদেশ কংগ্ৰেছৰ লগত তেজপুৰ হোটেল গ্ৰীণউডত পৃথকে পৃথকে বৈঠকত মিলিত হয় অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল ৷ গুৱাহাটীত ইয়াৰ পূৰ্বে অনুষ্ঠিত হৈছিল বিজেপি বিৰোধী 11 টা দলৰ ৰুদ্ধদ্বাৰ বৈঠক ৷ তাৰ পাচতেই এবাৰ তেজপুৰত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হ’ল এজেপি আৰু ৰাইজৰ দল ৷ অহা লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে একত্ৰিতভাৱে থিয় দিয়াৰ উদ্দেশ্যেই এই তৎপৰতা বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে (Anti BJP front in Assam) ৷

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু উপ দলপতি ৰকিবুল হুছেইনৰ লগত আগন্তক 2024 ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুতৰ বাবে মিলিত হয় দল দুটা (Akhil Gogoi meets Congress leaders) ৷

কেন্দ্ৰত যি ধৰণে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত বিৰোধী দলৰ লগত আলোচনাৰ প্ৰস্তুতি আৰম্ভ হৈছে, ঠিক সেইদৰে অসমতো শাসকীয় দল বিজেপিক পৰাভূত কৰিবলৈ ৰাইজৰ দল, অজাপ আদিৰ লগত কেইবালানিও আলোচনাত মিলিত হয় কংগ্ৰেছ নেতৃত্ব (Lok Sabha election 2024) ।

লগতে পঢ়ক: Ripun criticizes Assam Govt: হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক শোষণকাৰী আখ্যা ৰিপুণ বৰাৰ

ইতিমধ্যে প্ৰদেশ কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটীলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে । অহা 12 জুনত পাটনাত অনুষ্ঠিত হ’বলগীয়া বৈঠকত কংগ্ৰেছ দলৰ পৰা জেডিইউৰ নেতা নীতিশ কুমাৰক এই সম্পৰ্কে জনোৱা হ’ব বুলি অখিল গগৈয়ে বৈঠকৰ শেষত সাংবাদিকৰ আগত প্ৰকাশ কৰে ।

উল্লেখ্য যে, সোমবাৰৰ বৈঠকতো কিন্তু কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাৰ বিষয়টোৱে ঠাই পায় ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বাৰে বাৰে এ আই ইউ ডি এফৰ সৈতে মিত্ৰতা অস্বীকাৰ কৰাৰ পাচতো দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে হাই কমাণ্ডৰ সৈতে থকা সুসম্পৰ্কৰ কথা কৈ ভূপেন বৰাক পতিয়ন নিওৱাৰ চেষ্টা চলাই আছে ৷

সোমবাৰে অখিল গগৈয়েও কোনো কাৰণতে এ আই ইউ ডি এফৰ লগ নালাগে বুলি সাংবাদিকৰ আগত স্পষ্ট কৰি দিয়ে ৷ উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচনৰ সময়ৰ পৰাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত ফাঁট মেলাতো স্পষ্ট হৈ পৰিছিল ৷ সেই সময়তে অখিল গগৈৰ সৈতেও সঘনাই বাকযুদ্ধত লিপ্ত হৈছিল এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ৷ এতিয়া পুনৰ এ আই ইউ ডি এফক বিজেপিৰ বি টীম আখ্যা দি মিত্ৰতা নকৰাৰ পোষকতা কৰিছে অখিল গগৈয়ে (Assam political updates) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.