ৰঙাপৰা,22 ডিচেম্বৰ: ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাই আহিল খোদ বিজেপি কৰ্মী ৷ ৰঙাপৰাত এটি পথৰ লগতে পকী নলা নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে মঙলবাৰে অনশনত বহে বিজেপি কৰ্মীসকল ৷ শূণ্য সহনশীল নীতিৰ কথা কৈ অহা চৰকাৰখনৰ দিনতে পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি-অনিয়ম ৷ এই অভিযোগ উত্থাপিত কৰিছে স্বয়ং বিজেপি কৰ্মীসকলে ৷ জানিব পৰা মতে, ৰঙাপৰাৰ দৈনিক বজাৰৰ মাজেৰে মিলনপল্লী লৈ যোৱা পথচোৱা নিৰ্মাণৰ বাবে প্ৰায় দুবছৰ পূৰ্বে ঠিকা লাভ কৰিছিল তেজপুৰৰ এগৰাকী ঠিকাদাৰে ৷ ঠিকাদাৰগৰাকীয়ে অতি লেহেমীয়া গতিৰে পথচোৱাৰ লগতে পকী নলা নিৰ্মাণৰ কাম আৰম্ভ কৰাত ক্ষুব্ধ হৈ পৰে বিজেপি কৰ্মীসকল ৷
তদুপৰি উক্ত পথছোৱাত নিম্নমানৰ সামগ্ৰীৰে পকী নলাৰ কাম কৰা দেখা গৈছে ৷ এই পথ আৰু পকী নলাৰ নিৰ্মাণৰ সন্দৰ্ভত সংঘটিত হোৱা অনিয়মৰ বিৰুদ্ধে মঙলবাৰে ঢেকিয়াজুলি বাছ আস্থানৰ সমীপত বিজেপি কৰ্মীসকলে ৰূপায়ণ কৰে অনশন কাৰ্যসূচী ৷ প্ৰায় 500 মিটাৰ দীঘল, ৫ মিটাৰ বহল পথচোৱা দুয়োকাষে নলা থকাৰ পিছতো পানী নিষ্কাশনৰ কোনো ব্যৱস্থা নকৰাকৈ নিৰ্মাণ কৰা হৈছে ৷ পথৰ দুয়ো কাষে নিৰ্মাণ কৰা নলাৰ পকী অংশ নিৰ্মাণৰ পাছতে ভাঙি যোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ সেয়ে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷