ETV Bharat / state

Protests against corruption: চিকিৎসালয়ত আর্তনাদ আহত শ্ৰমিকৰ, ঠিকাদাৰৰ বিৰুদ্ধে বিক্ষোভ - Protest against contrector in Barchalla

তেজপুৰত পথ নিৰ্মাণৰ বাবে অনুমোদন দিয়া কোটি কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত একাংশ দুৰ্নীতিপৰায়ন বিষয়া, অভিযন্তাৰ ছত্ৰছাঁয়াত অবাধ কেলেংকাৰী সংঘটিত হৈ আহিছে । প্ৰায় 2 কোটি টকাৰ পথ নিৰ্মাণ আঁচনিৰ এটা কালৰ্ভাট নিৰ্মাণ কৰি থকা অৱস্থাতে পকী বেৰ খহি গুৰুতৰভাৱে আহত হয় এজন শ্ৰমিক ৷ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহগুৰি বৰডুবিয়াত সংঘটিত হৈছে এই ঘটনা (Allegations of corruption)৷

Labourer injured while working in Barchalla
বৰছলাত নিৰ্মীয়মান কালৰ্ভাট খহি আহত শ্ৰমিক
author img

By

Published : Mar 26, 2023, 8:38 AM IST

Updated : Mar 26, 2023, 9:05 AM IST

তেজপুৰ, 26 মাৰ্চ : ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে পথ নিৰ্মাণৰ বাবে অনুমোদন দিয়া কোটি কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত একাংশ দুৰ্নীতিপৰায়ন বিষয়া, অভিযন্তাৰ ছত্ৰছাঁয়াত অবাধ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ বহু সময়ত দুৰ্নীতিপৰায়ন বিষয়া, অভিযন্তা তথা ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে আঁচনি সমূহ পৰিণত হয় প্ৰহসনত ৷

বিগত কিছু দিন ধৰি তেজপুৰত পথ নিৰ্মাণৰ বাবে অনুমোদন দিয়া কোটি কোটি টকাৰ আঁচনি ৰূপায়নৰ নামত একাংশ দুৰ্নীতিপৰায়ন বিষয়া, অভিযন্তাৰ ছত্ৰছাঁয়াত অবাধ কেলেংকাৰী সংঘটিত হৈ আহিছে । একমাত্ৰ ঠিকাদাৰ, অভিযন্তাৰ ব্যাপক দুৰ্নীতিৰ বাবেই তেজপুৰত নিৰ্মীয়মান অৱস্থাতে খহি পৰিল এটা কালৰ্ভাট (Scam in Barchalla Assembly constituency) ৷

বৰছলাত প্ৰায় 2 কোটি টকাৰ পথ নিৰ্মাণ আঁচনিৰ এটা কালৰ্ভাট নিৰ্মাণ কৰি থকা অৱস্থাতে পকী বেৰ খহি গুৰুতৰ ভাৱে আহত হয় এজন শ্ৰমিক ৷ ৰাইজে ঘটনাস্থলীত উপস্থিত থকা আন শ্ৰমিকৰ সহায়ত কোনোমতে এক্সকেভেটৰেৰে মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শ্ৰমিকজনক । শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহগুৰি বৰডুবিয়াত সংঘটিত হৈছে এই ঘটনা (Labourer injured while working in Barchalla)৷

ৰাইজৰ অভিযোগ অনুসৰি অসম চৰকাৰে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহগুৰি বৰডুবিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জাৰণি, তিনিখৰীয়া সংযোগী জৰাজীৰ্ণ পথটো পকীকৰণৰ বাবে ২০২২-২৩ বৰ্ষত দুই কোটি টকাৰ এক আঁচনিত অনুমোদন দিছিল । সেই অনুসৰি পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা জনৈক পৱিত্ৰ বড়ো নামৰ ঠিকাদাৰজনে বিভাগীয় সকলো নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে উলংঘা কৰি কোনো ফলক আদি নলগোৱাকৈয়ে আৰম্ভণিৰে পৰাই ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈ অভিযন্তাৰ সহযোগত জধেম ধে পথ নিৰ্মাণ কৰাত নামি পৰে (Road Construction Scam in Tezpur)।

ৰাইজে পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনোধৰণে দুৰ্নীতি সংঘটিত নকৰিবৰ বাবে আহ্বান জনাই অহাৰ পিচতো ঠিকাদাৰজনে কোনো গুৰুত্ব নিদি প্ৰাককলন নলগোৱাকৈয়ে পথ নিৰ্মাণৰ কামত উঠি পৰি লাগে । এইদৰে ৰাজ্য চৰকাৰে পথ নিৰ্মাণৰ বাবে অনুমোদন দিয়া দুই কোটি টকাৰ আঁচনিত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷ ক্ষুদ্ধ ৰাইজে সকলো তথ্য উদঙাই অতিশীঘ্ৰে এক উচ্চপৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ দাবী তোলে (Protest against contrector in Barchalla) ৷

আনহাতে, বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰৰ এনে দুৰ্নীতিৰ মাজতে মাত্ৰ কেইদিনমান পূৰ্বে পথটোৰ ওপৰত প্ৰাককলন উলংঘাৰে নিৰ্মাণ হোৱা এটা বক্স কালৰ্ভাটৰ এখন প্ৰকাণ্ড পকী বেৰ হঠাতে এজন শ্ৰমিকৰ ওপৰতে বাগৰি পৰাত শ্ৰমিক সকলৰ মাজত হুৱাদুৱা লাগে ৷ সেই সময়ত ৰাইজে ততাতৈয়াকৈ এক্সকেভেটৰৰ সহায়ত শ্ৰমিকজনক উদ্ধাৰ কৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । অভিযোগ মতে হাত, ভৰি, মূৰত গুৰুতৰভাৱে আঘাত পাই তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা শ্ৰমিকজনক আজিকোপতি ঠিকাদাৰজনে কোনোধৰণে সহায় কৰা নাই ।

আনহাতে একাংশ স্থানীয় লোকে ঠিকাদাৰজনৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে, ঠিকাদাৰজনে দুইকোটি টকাৰ আঁচনিৰে পথ আৰু বক্স কালভাৰ্ট নিৰ্মাণৰ নামত আৰম্ভণিৰে পৰাই ব্যাপক দুৰ্নীতি সংঘটিত কৰি আহিছে । অতি নিম্নমানৰ চিমেন্ট আৰু ৰড ব্যৱহাৰ কৰাৰ লগতে কালভাৰ্টৰ তলত কোনো ধৰণে জালিও দিয়া নাছিল । যাৰ ফলত নিৰ্মীয়মান অৱস্থাতে বক্স কালভাৰ্টতো এজন শ্ৰমিকৰ গাৰ ওপৰতে বাগৰি পৰে ।

একেদৰে পথটোৰ ওপৰত আন দুটা কালভাৰ্টো ঠিকাদাৰজনে দুৰ্নীতিৰে নিৰ্মাণ কৰি থকা বুলি অভিযোগ কৰিছে একাংশই ৷ ইফালে আঠ ন মাহ পাৰ হোৱাৰ পিচতো পথটোৰ লগতে কালভাৰ্টটোৰ নিৰ্মাণৰ কাম মুঠেও আগনবঢ়াত ৰাইজ সমস্যাত পৰিছে । ৰাইজে ঠিকাদাৰজনক চূড়ান্ত অপদাৰ্থ আখ্যা দি অতিশীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও শোণিতপুৰ জিলা উপায়ুক্ত আৰু বৰছলাৰ বিধায়ক গণেশ লিম্বুক দাবী জনাইছে (Ganesh Kumar Limbu MLA Barchalla) ৷

লগতে পঢ়ক:Foundation stone for road construction : আধাৰশিলা স্থাপনেৰে চমক সৃষ্টি কৰিছে বিধায়ক ৰূপজ্যোতিয়ে

Last Updated : Mar 26, 2023, 9:05 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.