ETV Bharat / state

Scam in Tezpur : তেজপুৰত আঠ কোটি টকীয়া বেংক কেলেংকাৰী; বেংক কৰ্মচাৰীসহ দুজন পলাতক

author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 8:59 PM IST

মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ আঠ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৷ এই বৃহৎ দুৰ্নীতিৰে বেংকটোৰ আন একাংশও জড়িত থকাৰ অভিযোগ উঠিছে ৷

Mahabhairab Co Operative Urban Bank
মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংক

তেজপুৰ, ২০ অক্টোবৰ : তেজপুৰৰ মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ আঠ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত বেংকটোৰ এজন প্ৰাক্তন কৰ্মচাৰী আৰু মোবাইল বেংকিং সেৱাত জড়িত মুঠ দুজনৰ বিৰুদ্ধে তেজপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে ৷ শুকুৰবাৰে তেজপুৰ আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে এই তথ্য ৷ উল্লেখযোগ্য যে ইয়াৰে ঢেকিয়াজুলি নিবাসী প্ৰাক্তন কৰ্মচাৰীজনে বেংকটোত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত বেংকটোৰ পৰা বৃহৎ পৰিমানৰ ধন ঋণ লৈ ওভতাই দিয়া নাই ৷

আনহাতে মোবাইল বেংকিঙৰে জড়িত তেজপুৰ নিবাসী কৰ্মচাৰীজনে নিজৰ একাউন্টতে বেংকৰ ধন জমা কৰিছিল ৷ উল্লেখযোগ্য যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা শেহতীয়া হিচাপ পৰীক্ষাৰ সময়ত ওলোৱা মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ বিত্তীয় কেলেংকাৰিৰ পিছতেই তেজপুৰৰ এই সমবায় বেংকটোত সকলো ধৰণৰ লেনদেন ৪৫দিনলৈ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷ আনহাতে এই বৃহৎ দুৰ্নীতিৰে বেংকটোৰ আন একাংশও জড়িত থকাৰ অভিযোগ উঠিছে যদিও এই পৰ্যন্ত মাত্ৰ দুজনৰ বিৰুদ্ধেহে এজাহাৰ দাখিল হৈছে ৷

Mahabhairab Co Operative Urban Bank
মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকত আঠ কোটি টকীয়া কেলেংকাৰী

আনহাতে আৰক্ষীয়ে বেংকটোৰ কৰ্মচাৰী সকলক জেৰা কৰি আছে যদিও কোনো লোককে গ্ৰেপ্তাৰ কৰা নাই ৷ আনহাতে এজাহাৰ দাখিল হোৱাৰ পিচতেই দুই অভিযুক্ত পলাতক অৱস্থাত আছে ৷ সমবায় বেংকটোৰ ধন আত্মসাৎ কৰি অগাধ সম্পত্তি তথা উদ্যোগৰ গৰাকী হোৱা এইসকল লোকৰ বাবেই এতিয়া বেংকটোত ধন জমা থোৱা গ্ৰাহক সকল বিপদত পৰিছে ৷

উল্লেখযোগ্য যে চৰকাৰী সমবায় বিভাগৰ এজন পৰিদৰ্শক বেংকটোৰ হিচাপ-নিকাচ পৰীক্ষাৰে জড়িত থাকে ৷ কিন্তু ২০১৪ৰ পৰা চলি থকা অনিয়ম ধৰা নপৰাৰ আঁৰত আচলতে এই সকলো বেংকটোৰ ধন হৰলুকি হোৱাত জড়িত বুলি অভিযোগ উঠিছে ৷ আনকি বেংকটোত একেটা পৰিয়ালৰে একাধিক ব্যক্তি-কৰ্মচাৰী নতুবা আনভাৱে জড়িত আছে ৷

এনে স্থলত একেটা পৰিয়ালতে বৃহৎ পৰিমাণৰ ধন আত্মসাতৰো অভিযোগ উঠিছে ৷ কিন্তু বৰ্তমান মাত্ৰ ৩০হেজাৰ টকা বেতন লাভ কৰা আৰু ইয়াৰ পূৰ্বে মাত্ৰ পাঁচ হেজাৰ টকা বেতন লাভ কৰা কৰ্মচাৰীও এতিয়া কেইবা কোটি টকাৰ সম্পত্তিৰ গৰাকী ৷ এইসকল ঋণদাতাই ঋণ ঘূৰাই নিদিয়াৰ বাবেহে বেংকটোক লেনদেন বন্ধ কৰিবলৈ ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰি ঘটনাটো গাপ দিয়াৰ চেষ্টা চলালেও এইসকলেই প্ৰকৃততে বেংকটোৰ এই অচলাৱস্থাৰ মূল কাৰণ ৷

উল্লেখযোগ্য যে বহুকেইজন বেংকৰ কৰ্মচাৰীয়ে ধন লোৱাৰ এখন তালিকা থকাৰ পাচতো মাত্ৰ দুজনৰ বিৰুদ্ধেহে এজাহাৰ দাখিল হোৱাটোও ৰহস্যজনক ৷ অৱশ্যে বেংকটোৰ দুজন কৰ্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱাটোৱেই মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ আঠ কোটিটকীয়া কেলেংকাৰিৰে যে বেংকটোৰে কৰ্মচাৰী জড়িত সেয়াও প্ৰতিপন্ন কৰিছে ৷

লগতে পঢ়ক : Deforestation in Assam: বৰ্ষাৰণ্য ধ্বংস কৰি উন্নয়নৰ নামত পথ সম্প্ৰসাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.