ETV Bharat / state

চৰকাৰী আঁচনি ৰূপায়নৰ নামত ধন দাবী, বিধায়ক গণেশ লিম্বুৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ

author img

By

Published : Dec 15, 2020, 2:09 PM IST

চৰকাৰী গৃহ আবন্টনৰ বিপৰীতে হিতাধিকাৰীৰ পৰা ধন দাবী কৰাৰ অভিযোগ ৷ শোণিতপুৰ জিলাৰ 72 নং বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত বিহগুৰি আৰু বৰছলা উন্নয়ন খণ্ডৰ অধীনস্থ প্ৰতিটো গাঁও পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ বিধায়ক গণেশ লিম্বুৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ ৷

allegation against mla ganesh limbu of safeguarding corruption
বিধায়ক গণেশ লিম্বুৰ ঘৰ ঘেৰাও কৰাৰ হুংকাৰ

তেজপুৰ,15 ডিচেম্বৰ: শোণিতপুৰত চৰকাৰী গৃহ আৱন্টনৰ বিনিময়ত হিতাধিকাৰীৰ পৰা 10 হাজাৰ কৈ টকা দাবী কৰাৰ লগতে দাবী কৰা ধন নিদিলে হিতাধিকাৰীক তেওঁলোকৰ প্ৰাপ্য মোকলাই নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে ৷ মঙলবাৰে তেজপুৰৰ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাকক্ষত এখনি সংবাদমেল সম্বোধন কৰি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে এই অভিযোগ উত্থাপন কৰে ৷

বিধায়ক গণেশ লিম্বুয়ে দুৰ্নীতিক সুৰক্ষিত কৰি অহাৰ অভিযোগ

এই সকলো বোৰ দুৰ্নীতি তথা অনিয়মৰ সৈতে উন্নয়ন খণ্ডৰ একাংশ বিষয়া,কণিষ্ঠ অভিযন্তাকে ধৰি কৰ্মচাৰী জড়িত থকাৰ অভিযোগ উত্থাপন কৰি সমিতিয়ে জানিবলৈ দিয়ে যে ৰাজহুৱা অভিযোগৰ ভিত্তিত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ধনদাবীৰ সকলো তথ্য প্ৰমান দাখিল কৰিছিল ৷ ইয়াৰ পাছত বিহগুৰি উন্নয়ন খণ্ডই নামত তদন্ত ঘোষণা কৰিছিল যদিও কাৰ্যত দুৰ্নীতিকাৰী সকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত ন'হল ৷

এই সকলো দুৰ্নীতিক বৰছলাৰ বিধায়ক গণেশ লিম্বুয়ে সুৰক্ষিত কৰাৰ অভিযোগ উত্থাপন কৰি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতিৰ সভাপতি প্ৰশান্ত বৈশ্যই অভিযোগ কৰে যে বিহগুৰি আৰু বৰছলা উন্নয়ন খণ্ডত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত সংঘটিত সীমাহীন দুৰ্নীতি আৰু ধনদাবীৰ ঘটনাৰ ভিডিঅ আৰু অডিঅ’ সহ প্ৰমাণ থকা সত্বেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল ৷ এই সকলোবোৰ বিধায়ক লিম্বুৰ বাবে হৈছে বুলি মন্তব্য কৰি বৈশ্যই লগতে কয় যে এনে কাণ্ডৰ বিৰুদ্ধে ভুক্তভোগী ৰাইজে কেইবাবাৰো বিহগুৰি খণ্ড উন্নয়ন বিষয়া আৰু স্থানীয় বিধায়ক গনেশ লিম্বুক জনোৱাৰ পাছতো তেওঁলোক নিৰ্বিকাৰ ভূমিকা পালন কৰি আহিছে ৷

বৈশ্যই বিহগুৰি আৰু বৰছলা উন্নয়ন খণ্ডত চলা অবাধ দুৰ্নীতিৰ এক উচ্চ পৰ্যায়ৰ আৰু শক্তিশালী তদন্তৰ দাবী কৰি এইক্ষেত্ৰত শোণিতপুৰৰ উপায়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ৷ সংবাদমেলত বৈশ্যই কয় যে অহা এসপ্তাহৰ ভিতৰত এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠনটোৱে বিধায়ক লিম্বুৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব ৷

লগতে পঢ়ক:ৰঙাপৰাত অনাময় আঁচনিৰ বিধ্বস্ত ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.