ETV Bharat / state

যোৰহাট বায়ুসেনা ছাউনীত শেষ শ্ৰদ্ধা তেৰগৰাকী বায়ুসেনাক - Jorhat Air Base

অৰুণাচলত সংঘটিত বায়ুসেনাৰ AN 32 বিমান দুৰ্ঘটনাত নিহত আটাইকেইগৰাকী বায়ুসেনাৰ নশ্বৰ দেহ যোৰহাট বায়ু সেনা ছাউনীলৈ অনা হয় ৷ ছাউনীত বায়ুসেনাৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় আটাইকেইগৰাকী বায়ুসেনাক ৷

যোৰহাট বায়ুসেনা ছাউনীত শেষ শ্ৰদ্ধা তেৰগৰাকী বায়ুসেনাক
author img

By

Published : Jun 20, 2019, 11:39 PM IST

তেজপুৰ, 20 জুনঃ যোৰহাটৰ পৰা উৰা মৰা বায়ুসেনাৰ AN 32 বিমানৰ আটাইকেইগৰাকী বায়ুসেনাৰ নশ্বৰ দেহ আজি যোৰহাট বায়ুসেনা ছাউনীলৈ লৈ অনা হয় ৷ ছাউনীত বায়ুসেনাৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় আটাইকেইগৰাকী বায়ুসেনাক ৷ ইতিমধ্যে যোৰহাট বায়ুসেনা ছাউনীৰ পৰা অহাকালিৰ ভিতৰত বিশেষ বিমানযোগে নিজ নিজ গৃহলৈ প্ৰেৰণ কৰা হ'ব বাৰগৰাকী বায়ুসেনাৰ নশ্বৰ দেহ ৷ আনহাতে উইং কামাণ্ডাৰ জি এম চাৰ্লছৰ শেষকৃত্য যোৰহাটৰ গড়মূৰ ৰাজহুৱা শ্মশানত সম্পন্ন কৰা হ'ব ৷

EtvBharatAssam
বায়ুসেনা ছাউনীত অন্তিম শ্ৰদ্ধা
EtvBharatAssam
বিষয়াই কঢ়িয়াই আনিছে কফিনসমূহ
EtvBharatAssam
শ্বহীদ বায়ুসেনাৰ কফিনসমূহ
EtvBharatAssam
অন্তিম শ্ৰদ্ধা বায়ুসেনাৰ

শেষ কৃতজ্ঞতা বায়ুসেনাৰ তৰফৰ পৰা AN-32 ৰ আৰোহীক 

তেজপুৰ,২০ জুন : শষ স্বৰ্ধা জ্ঞাপন বায়ু সেনাৰ বৈমানিক আৰু ক্ৰু মেম্বাৰ সকলক যোৰহাট বায়ু সেনা শিবিৰত আজি নিশা ৷
বুধবাৰে ১৯ জুনৰ দিনা পায়ুম পাহাৰৰ পৰা অৰুনাচলৰ আল' অঞ্চললৈ ৬ জনৰ নৰ্শৰ দেহ আৰু ৭ জনৰ চিন্ন বিচিন্ন  দেহ লৈ বৃহস্পতিবাৰে যোৰহাটৰ বায়ু সেনা চাওনীত পৰিয়ালৰ লোকে গ্ৰহনকৰে দুৰ্ঘটনা গ্ৰস্ট বিমানৰ ১৩ জনীয় দল টোৰ  ৷
বায়ু সেনাৰ মালবাহী জাহাজ এন্টনোভ AN-32 বিমানখন ৪ জন ফ্লাইট লেফ্টেনেনত , ১ উইং কামাণ্ডাৰ ,১ ছাজেন্ট 
লেফ্টেনেনত, ১ ছাৰজেন্ট,১ কৰপৰেল, উইং অফিচাৰ ১, লিডিং এয়াৰ ক্ৰাফ্ট মেন ২ জন আৰু নন্ কমবেটেন্ট ইঞ্জিনিয়াৰ ২ আছিল ৷

যোৱা  ৩ জুন সোমবাৰে ভাৰতীয় বায়ু সেনাৰ এই AN -32 বিমান খনে যোৰহাটৰ পৰা ভাৰত চীন সীমান্ত অৰুনাচল প্ৰদেশৰ পূৱ দিশে মেচুকালৈ মুঠ ১৩ বায়ুসেনাৰ বিষয়াৰ সৈতে দৈনন্দিন অনুশিলনৰ বাবে গৈছিল আৰু দিনৰ ১২:২৫ যোৰহাট বায়ুসেনা বাহিনীৰ পৰা উৰামৰাৰ ৩৫ মিনিট পিছত অৰ্থাৎ ১:০০ বজাত এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ পৰা সংযোগ বিচিন্ন হৈছিল ৷

প্ৰণৱ কুমাৰ দাস 
তেজপুৰ 
২০ জুন 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.