ETV Bharat / state

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কুলাংগাৰ: শংকৰজ্যোতি বৰুৱা

author img

By

Published : Jan 24, 2021, 8:07 PM IST

Updated : Jan 24, 2021, 9:02 PM IST

তেজপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেলত ৷ শুকুৰবাৰে তেজপুৰত আছু কৰ্মী আৰু প্ৰশাসনৰ মাজত সৃষ্টি হোৱা সংঘাতক কেন্দ্ৰ কৰি সংবাদমেল সম্বোধন সংগঠনটোৰ ৷

All Assam Student Union Press Meet at Tezpur
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কুলাংগাৰ: শংকৰজ্যোতি বৰুৱা

তেজপুৰ, 24 জানুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই দেওবাৰে তেজপুৰত উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্যই এতিয়া আছুৰ হৈ কোনো মন্তব্য দিব নোৱাৰিব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে । লগতে ক’লে, কাৰ্যবাহী কমিটীয়ে এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা নাই তেওঁ উপদেষ্টা হৈ থাকিব নে নেথাকিব ।

শংকৰজ্যোতি বৰুৱাৰ মন্তব্য

আনহাতে, সংবাদমেলত শংকৰজ্যোতি বৰুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কুলাংগাৰ পুত্ৰ বুলিও কটাক্ষ কৰে ৷ প্ৰসংগ উত্থাপন কৰি সম্পাদক গৰাকীয়ে কয় যে, ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱা সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থা তেওঁৰ মাতৃ বুলি কৈছিল ৷ আজি এইগৰাকী কুলাংগাৰ পুত্ৰৰ নিৰ্দেশত শোণিতপুৰ জিলাৰ বহতীয়া জিলা আৰু আৰক্ষী প্ৰশাসনে বৰ্বৰভাৱে আছু কৰ্মীক প্ৰহাৰ কৰা মানেই সৰ্বানন্দ সোণোৱালে নিজ মাতৃক প্ৰহাৰ কৰা বুজাইছে ৷

উল্লেখ্য যে, শুকুৰবাৰে সমগ্ৰ ৰাজ্যজুৰি আছুয়ে আহ্বান জনোৱা 'কা' বিৰোধী গণতান্ত্ৰিক প্ৰতিবাদৰ অংশ হিচাপে শোণিতপুৰ আছুয়ে তেজপুৰত জোঁৰ সমদল উলিয়াইছিল ৷ কিন্তু চৰকাৰৰ বহতীয়া শোণিতপুৰ প্ৰশাসনে এই আন্দোলন দমন কৰাৰ বাবে আছু কৰ্মীৰ ওপৰত চলালে বৰ্বৰ লাঠী চালনা ৷

এই লাঠী চালনাত আহত হয় আছুৰ লগতে সাধাৰণ জনতা ৷ ইফালে, মহিলা আৰক্ষীৰ পৰিবৰ্তে আছুৰ মহিলা কৰ্মীৰ ওপৰত জপিয়াই পৰিল পুৰুষ অৰ্ধ-সামৰিক বাহিনী ৷ যাৰবাবে আহত হ’ল বহুকেইগৰাকী ছাত্ৰী ৷ এই সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাই সোমবাৰে মানৱ অধিকাৰ আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিব সদৌ অসম ছাত্ৰ সন্থাই ৷

কিয় ছাত্ৰীৰ ওপৰত পুৰুষ আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনী জপিয়াই পৰিল তাৰ উত্তৰ শোণিতপুৰৰ আৰক্ষী অধীক্ষকে দিব লাগিব বুলিও তেজপুৰত এক সংবাদমেলত দাবী জনাই আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ শোণিতপুৰ প্ৰশাসনক চৰকাৰৰ বহতীয়া বুলি উল্লেখ কৰি আছুৰ ওপৰত কৰা এই অত্যাচাৰ সহ্য কৰা নহ'ব বুলি উল্লেখ কৰি আছুকৰ্মীৰ গাত পৰা প্ৰতিটো কোবৰ হিচাপ প্ৰশাসনে দিব লাগিব বুলি উল্লেখ কৰে শংকৰজ্যোতি বৰুৱাই ৷

লগতে পঢ়ক : প্ৰাৰ্থীৰ পেনেল ৮০ শতাংশ সম্পূৰ্ণ কৰিও আশ্বস্ত হ’ব পৰা নাই বিজেপি

Last Updated : Jan 24, 2021, 9:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.