তেজপুৰ, 14 জুলাই : তেজপুৰ বিহগুৰিত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, বিহগুৰি আঞ্চলিক সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ণ কৰিছে এই পথ অৱৰোধ কাৰ্যসূচীৰ ৷ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা আৰু সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ বাবে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্থানীয় ৰাইজৰ সহযোগত এই পথ অৱৰোধ কৰে ৷ দিনৰ 11.30 বজাৰ পৰা এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷
উল্লেখযোগ্য যে, 15 নং ৰাষ্ট্ৰীয় ঘাইপথত তেজপুৰৰ মিচন চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিলৈকে ভয়ংকৰ পুখুৰী সদৃশ গাঁত আৰু যান-বাহনৰ চলাচলৰ অনুপযোগী হৈ পৰাৰ ফলত বহুতো দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ পথৰ দুৰৱস্থাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে কেইদিনমান পূৰ্বে জিলাখনৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰিছিল ৷ শুকুৰবাৰে ৰূপায়ণ কৰা পথ অৱৰোধৰ বাবে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ হৈ বিশ্বনাথ চাৰিআলি, লখিমপুৰ ,ধেমাজি আৰু অৰুণাচল প্ৰদেশলৈ যান-বাহনৰ চলাচল স্থবিৰ হৈ পৰে ৷
ৰাজ্যত বৰ্তমান অব্যাহত আছে ভৰ বাৰিষাৰ বৰষুণ ৷ বৰষুণৰ ফলত ঘাইপথৰ অৱস্থা তথৈবচ হৈ পৰে ৷ বৰষুণৰ বতৰত দুৰ্ঘটনাও সঘনাই সংঘটিত হোৱা দেখা যায় ৷ এনে বহু দিশৰ প্ৰতি লক্ষ্য ৰাখি চিন্তাত পৰিছে শোণিতপুৰ জিলা প্ৰশাসন ৷ সেয়েহে এনেবোৰ পৰিস্থিতিৰ পৰা দূৰত থকাৰ বাবে গধুৰ বোজা কঢ়িয়াই নিয়া বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছিল শোণিতপুৰ জিলা প্ৰশাসনে ৷ 6 জুলাইত জাৰি কৰা জৰুৰী জাননী অনুসৰি শোণিতপুৰ জিলাৰ অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ দেৱ কুমাৰ মিশ্ৰই দুৰ্যোগ ব্যৱস্থাপনা আইন-2005 ৰ অধীনত শোণিতপুৰ জিলাৰ অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত অত্যাৱশ্যকীয় আৰু চিকিৎসা সামগ্ৰী কঢ়িয়াই অনা বাহনৰ বাহিৰে আন গধুৰ বাহন চলাচলত বাধা আৰোপ কৰিছে ৷
জানিবলৈ দিয়া অনুসৰি বৰ্তমান বাৰিষাৰ বতৰত অবিৰত বৰষুণৰ বাবে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা অধিক অৱনতি ঘটাৰ আশংকা কৰি আৰু যিকোনো বাহন চলাচলৰ বাবে বিপজ্জনক হৈ পৰাৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি 17 জুনত অনুষ্ঠিত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকত সংশ্লিষ্ট সকলোকে ৰাষ্ট্ৰীয় ঘাইপথত 10 চকীয়াতকৈ অধিক গধুৰ বোজা বহন কৰা বাহনৰ চলাচলত বাধা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
লগতে পঢ়ক : Satra Mukti Sangram Samiti: ভুৱা নথিৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে কাঢ়ি নিছে অসমৰ নিৱনুৱাৰ চাকৰি; সৰৱ ছাত্ৰ মুক্তি