ETV Bharat / state

তেজপুৰত মহাজোঁটৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত - Assam assembly election

তেজপুৰত কংগ্ৰেছৰ প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি প্রকাশ এআইউডিএফৰ এগৰাকী কেন্দ্ৰীয় নেতাৰ ৷ নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা কৰিব এআইউডিএফ নেতা চেখ মহম্মদ ছিদ্দিকে ৷

As_Tezpur_aiudf-leader-saikh-muhammad-siddique-will-contest-independently_vis_7203907
তেজপুৰত মহাজোঁটৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত
author img

By

Published : Mar 16, 2021, 11:17 AM IST

তেজপুৰ, 16 মাৰ্চ: তেজপুৰত কংগ্ৰেছৰ প্ৰাৰ্থীত্বক লৈ অসন্তুষ্টি প্রকাশ এআইউডিএফৰ এগৰাকী কেন্দ্ৰীয় নেতাৰ ৷ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অসন্তুষ্টিৰ বাবে তেজপুৰ সমষ্টিত নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত এইগৰাকী নেতাৰ ৷ বৰ্তমানে তেজপুৰ সমষ্টিত কংগ্ৰেছৰ ভিতৰচ’ৰাত যি ফাঁট মেলিছে তাৰেই সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে এআইউডিএফ নেতা শেখ মহম্মদ ছিদ্দিকে ৷

তেজপুৰত মহাজোঁটৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত

শেখ মহম্মদ ছিদ্দিকে কয়, জীয়া ভৰলী নদীৰ প্ৰবল গড়াখহনীয়া আৰু ইতিহাস প্ৰসিদ্ধ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতি থকা ভাবুকিক প্ৰতিৰোধ কৰা তেওঁৰ প্ৰাৰম্ভিক লক্ষ্য ৷ এই সমস্যাৰ সমাধানৰ বাবে তেওঁ প্ৰথম পদক্ষেপ গ্ৰহণ কৰিব । লগতে গেৰুৱা দল বিজেপিৰ কবলৰ পৰা অসমক মুক্ত কৰাৰ উপৰিও মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰতো তেওঁ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৷

আনহাতে, এআইউডিএফৰ সৈতে কংগ্ৰেছৰ মহাজোঁটৰ পিছতো সমষ্টিটোত এআইউডিএফৰ এজনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে নিজৰ দলৰ যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তেওঁৰ ৰাইজৰ মাজত জনপ্ৰিয়তা নাই আৰু সেইবাবেই এইবাৰ নিৰ্বাচনৰ ভাৰপক সময়ত তেজপুৰ ৰাজীৱ ভৱনত জন শূন্য অৱস্থা আৰু কাৰ্য্যালয়ৰ তলা বন্ধ হব লগীয়া হৈছে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক-18 মাৰ্চৰ পৰা ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানৰ কৰ্ম বিৰতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.