তেজপুৰ,10 মাৰ্চ: অসমীয়া কথাছবি জগতৰ আৰম্ভণি হৈছিল 1935 চনৰ 10 মাৰ্চত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ ছবিৰ জৰিয়তে ৷ এইগৰাকী মহান শিল্পীক শ্ৰদ্ধাৰে সুঁৱৰিছে তেজপুৰ চহৰৰ মাজমজিয়াত তেওঁৰ সহপাঠী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জ্যেষ্ঠ পুত্ৰ আৰু এইবাৰ অগপ দলৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই ।
আগৰৱালাৰ প্ৰতিমূৰ্তিত ৰাভাই মাল্যাৰ্পণ কৰি আৰ্শীবাদ লয় আৰু জয়মতী ছবিৰ স্মৃতিসমূহত চকু ফুৰায় । অৱশ্যে ৰজাঘৰীয়াই জয়মতীৰ সেই দিনৰ কথা পাহৰিলেও শিল্পী মনৰ অধিকাৰী প্ৰাৰ্থী ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গৃহ পকীক এক নতুনত্ব প্ৰদান কৰাৰ আশ্বাস দিয়ে ৷
ইয়াৰ লগতে, ভৱিষ্যতে অসমৰ শিল্পীসকলৰ বাবে তথা অসমীয়া ছবি জগতৰ বাবে কাম কৰি যোৱাৰ এক ইংগিত প্ৰদান কৰে পৃথ্বীৰাজ ৰাভাই । নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাভাই কৈ গ’ল অসমৰ এই স্মৃতি বিজড়িত দিনটোৰ কথা ।
লগতে পঢ়ক : আৰক্ষীৰ সৈতে হতাহতি বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ