তেজপুৰ, ২১ এপ্ৰিল : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গড় হত্যা কৰাৰ অভিযোগ ৷ প্ৰাপ্ত তথ্য অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শিল খুন্দা বিলৰ সমীপত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এটা মৃত গঁড় উদ্ধাৰ কৰে । ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে কয় জানিবলৈ দিয়া মতে, কাজিৰঙা ৰেঞ্জৰ সমীপত শিল খুন্দা বিলৰ কাষত উদ্ধাৰ হোৱা মৃত গড়টোৰ খৰ্গ নাছিল ৷ মৃত গড়টোৰ কাষত ৩০৩ ৰাইফলৰ খালি কাৰ্টিজ উদ্ধাৰ কৰা হৈছে ৷
কোনো দুবৃৰ্ত্তই গুলীয়াই হত্যা কৰি গঁড়টো খৰ্গ কাটি লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে বিগত ৯ মাহত ভিতৰত এইটোৱে প্ৰথমটো গড় চোৰাং চিকাৰীয়ে হত্যা কৰিছে বুলি সদৰী কৰে উদ্যান কৰ্তৃপক্ষৰ সঞ্চালক পি শিৱ কুমাৰে ৷ মৃত গঁড়টো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে বুলি জানিব পৰা গৈছে ৷