ETV Bharat / state

AFSPA in Manipur: মণিপুৰৰ ১৯ টা স্থানত পুনৰ AFSPAৰ ম্যাদ 6 মাহৰ বাবে বৃদ্ধি - হিংসা জৰ্জৰিত মণিপুৰ

শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰৰ 19 টা এলেকাত পুনৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ 6 মাহৰ বাবে বৃদ্ধি কৰা হয় ৷ ৰাজ্য়পালৰ এক নিৰ্দেশনাৰ জৰিয়তে এই কথা সদৰী কৰিছে মণিপুৰৰ গৃহ বিভাগে ৷

AFSPA in Manipur
AFSPA in Manipur
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 6:51 PM IST

তেজপুৰ, ২৭ ছেপ্টেম্বৰ: হিংসা জৰ্জৰিত মণিপুৰৰ আচলাৱস্থাৰ মাজতে ৰাজ্য চৰকাৰে পুনৰ সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰণয়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । মণিপুৰৰ ৰাজ্যপালৰ নিৰ্দেশত গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰা বুধবাৰে মণিপুৰৰ ১৯খন আৰক্ষী থানাৰ অন্তৰ্গত এলেকা অশান্ত এলেকা হিচাপে ঘোষণা কৰে ।

AFSPA in Manipur
AFSPAৰ ম্যাদ বৃদ্ধিৰ সন্দৰ্ভত ৰাজ্যপালৰ নিৰ্দেশনা

ৰাজ্যপালৰ এক নিৰ্দেশনাৰ জৰিয়তে মণিপুৰ গৃহ বিভাগৰ সচিব টি ৰঞ্জিত সিঙৰ স্বাক্ষৰিত এক নিৰ্দেশনাত উল্লেখ কৰিছে যে মণিপুৰৰ ইম্ফলকে ধৰি সশস্ত্ৰ বাহিনীৰ ধাৰা ৩ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি সেনা বাহিনীৰ (বিশেষ ক্ষমতা) আইন, AFSPA ১৯৫৮ (১৯৫৮ চনৰ আইন নং ২৮) সময়ে সময়ে সংশোধন কৰা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ কেইখনমান ঠাইত এই আইন পুনৰ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে কেন্দ্ৰ চৰকাৰে । মণিপুৰে ইয়াৰ দ্বাৰা পতিত অঞ্চলসমূহ বাদ দি সমগ্ৰ মণিপুৰ ৰাজ্যখন ঘোষণা কৰাৰ অনুমোদন প্ৰদান কৰে ।

মুঠ 19খন আৰক্ষী থানাৰ অধীনত থকা ‘অশান্ত এলেকা’ত ৬ মাহৰ সময়সীমাৰে ১ অক্টোবৰ ২০২৩ৰ পৰা কাৰ্যকৰী হ’ব AFSPA । লেমফেল চহৰ, সিংজামেই, চেলমাই ,লামছাংপাটছল, ৱাংগোল, প'ৰমপাট, হাইংগাংলামিয়াই, ইৰিবুং, লেইমাখং, থৌবাল, বিষ্ণুপুৰ, নেম্বল, মইৰাং, ককচিং, জিৰিবাম আৰু ইম্ফলত এই আইন পুনৰ প্ৰণয়ন কৰা হ’ব নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে, মণিপুৰত পুনৰবাৰ ইণ্টাৰনেট সেৱা বন্ধ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে । মণিপুৰ চৰকাৰৰ গৃহ বিভাগে মঙলবাৰে মাজনিশা জাৰী কৰা এক বিশেষ অধিসূচনাত উল্লেখ কৰিছে যে ৰাজ্যখনৰ বিভিন্ন স্থানত ম’বাই ইণ্টাৰনেট, বর্ডবেণ্ড সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে ।

ৰাজ্যখনত সংঘটিত ঘটনাৰ বিপৰীতে ভুল তথ্য সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ হোৱাৰ বাবে পৰিস্থিতি অধিক উত্তেজনা হোৱাৰ সম্ভাৱনীয়তা ওপৰত ভিত্তি কৰি চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ উপৰিও হিংসাত্মক কাৰ্যত অতি সহজে একত্ৰিত কৰাত ম’বাইল ইণ্টাৰনেটে অধিক সহায় কৰে বুলি অধিসূচনাত উল্লেখ কৰিছে ৷

এই সিদ্ধান্ত মণিপুৰৰ ইম্ফলত নিৰুদ্দেশ হৈ মৃত্যু হোৱা দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ সন্ধান লাভ কৰাৰ পিছতে পৰিস্থিতি অধিক অৱনতি ঘটাৰ বাবে লোৱা হয় ৷ মণিপুৰৰ ৰাজধানী ইম্ফলত মঙলবাৰে দুইগৰাকী শিক্ষাৰ্থীৰ হত্যাক কেন্দ্ৰ কৰি আন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ছাত্ৰ-ছাত্ৰীয়ে ৰাজপথ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু ফলস্বৰূপে আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছ আৰু গুলীত প্ৰায় 40গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় ।

কুকি উগ্ৰপন্থীয়ে নিৰুদ্দেশ হোৱা মেইটেইৰ শিক্ষাৰ্থী ফিজাম হেমানজিৎ সিং (20) আৰু লুৱাংবি লিন্থোইংগাম্বি হিজামক (17) নৃশংসভাৱে হত্যা কৰাৰ বিৰুদ্ধে গোচৰ মণিপুৰ চৰকাৰে CBIক অৰ্পণ কৰাৰ লগে লগেই বুধবাৰে বিয়লি CBIৰ সঞ্চালক সহিতে এটা তদন্তকাৰী দল মণিপুৰত উপস্থিত হয় ।

লগতে পঢ়ক: lichipriya urged PM : আত্মহননৰ হুংকাৰ 11 বছৰীয়া লিচিপ্ৰিয়াৰ, X যোগে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে ভিডিঅ’ বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.