ETV Bharat / state

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে আটছাই

author img

By

Published : Sep 22, 2022, 7:05 PM IST

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ আত্মহত্যাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷ আত্মহত্যাৰ ঘটনাত ৰহস্যৰ গোন্ধ পাইছে আটছাই । সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উপ-সভাপতি শচিনন্দ কন্ধ আৰু সাধাৰণ সম্পাদক পংকজ নায়কে কয় যে, এই আত্মহত্যাৰ এক উচিত তদন্ত হ’ব লাগে কাৰণ বিশ্ববিদ্যালয়ত এয়া প্ৰথম ঘটনা নহয়, এইটো তৃতীয় ঘটনা (AATTSA react Suicide case)।

AATTSA react on Tezpur Central University Suicide case
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে আটছাই

তেজপুৰ, 22 ছেপ্টেম্বৰ: তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বুধবাৰে এক অঘটন সংঘটিত হৈছিল (Suicide case in Tezpur Central University) ৷ বিশ্ববিদ্যালয় এজন ছাত্ৰই কৰিছিল আত্মহত্যা (Student committed suicide) ৷ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিঙৰ চতুৰ্থ ষান্মাসিকত অধ্যয়নৰত আছিল ছাত্ৰজন ৷ আদিত্য তাঁতী নামৰ ছাত্ৰজনৰ ঘৰ ডিব্ৰুগড় জিলাৰ চাবুৱাত ৷ বিশ্ববিদ্যালয়ৰ পাটকাই ছাত্ৰাবাসত বুধবাৰে সন্ধিয়া আত্মহত্যা কৰা বুলি জানিব পৰা গৈছিল ৷ ছাত্ৰাবাসৰ ২২৪ নম্বৰ কোঠাত সংঘটিত হৈছিল এই শোকাৱহ ঘটনাটো ৷

শেহতীয়াকৈ, এই আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ এই সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই (All Assam Tea Tribal Students Association)। আত্মহত্যাৰ ঘটনাত ৰহস্যৰ গোন্ধ পাইছে আটছাই । সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উপ-সভাপতি শচিনন্দ কন্ধ আৰু সাধাৰণ সম্পাদক পংকজ নায়কে কয় যে, এই আত্মহত্যাৰ এক উচিত তদন্ত হ’ব লাগে ৷ কাৰণ বিশ্ববিদ্যালয়ত এয়া প্ৰথম ঘটনা নহয়, এইটো তৃতীয় ঘটনা (AATTSA react on suicide case in Tezpur Central University)।

তেওঁ লগতে কয় যে বহু মেধাৱী ছাত্ৰই পূৰ্বেও এইখন বিশ্ববিদ্যালয়ত আত্মহত্যাৰ দৰে পথ বাছি লৈছে । সেয়েহে, জিলা প্ৰশাসনে এই বিষয়ত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিব লাগে ৷ যাতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় ৷ পংকজ নায়কে লগতে কয় যে, চাহ জনজাতিৰ বহু কম সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পায় ।

ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । আনহাতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই পৰ্যন্ত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক: 60 গৰাকী ছাত্ৰীৰ স্নান কৰি থকা ভিডিঅ’ ভাইৰেল: 8 ছাত্ৰীৰ আত্মহননৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.